বিৰোধী দলক কটাক্ষৰ পৰা আগন্তুক নিৰ্বাচনলৈ, দিলীপ শইকীয়াৰ মন্তব্য…
Dilip Saikia: বিৰোধী দলত তীব্ৰ কটাক্ষ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। তেওঁ কয় যে, বিজেপিক বিৰোধ কৰিবলৈ বিৰোধী দলসমূহে মিঞাক হায়াৰ কৰিছিল। কিন্তু বিহাৰ নিৰ্বাচনৰ পাছত তেওঁলোক হতাশ হৈ পৰিছে।
ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ বিটিচি, অসম বিধানসভা নিৰ্বাচনৰ লগতে বিৰোধী দলক কটাক্ষ কৰি মন্তব্য কৰে। তেওঁ কয় যে, ডিচেম্বৰৰ প্ৰথম সপ্তাহত BTC ত বিজেপিৰ সাংগঠনিক সালসলনি হ’ব । BPF ক সমৰ্থন কৰিব বিজেপিয়ে। বিধানসভা নিৰ্বাচনৰ বাবে BTC ত বিজেপিয়ে পুনৰ সংগঠন শক্তিশালী কৰিব।
লগতে তেওঁ কয় যে, আজি সন্ধিয়া বি এল সন্তোষৰ উপস্থিতিত বৈঠক হ’ব বাজপেয়ী ভৱনত। আকৌ অসমত বিজেপি চৰকাৰ হ’ব বুলি কয় শইকীয়াই। লগতে কয় যে, অসমৰ ৰাইজ বিজেপিৰ পক্ষত আছে।
বিৰোধী দলক কটাক্ষ কৰি শইকীয়াই কয় যে, বিহাৰ নিৰ্বাচনৰ পাছত মিঞাসকল হতাশ হৈ পৰিছো। বিৰোধী দলসমূহো হতাশ হৈছে। বিজেপিৰ বিৰোধ কৰিবলৈ বিৰোধিয়ে মিঞাক হায়াৰ কৰিছে। বিৰোধী কেৱল মত্ত মিঞা প্ৰেমত, ব্যস্ত চুম্বন, আঁকোৱালী লোৱাত। অসমৰ জনতাই তেওঁলোকক ঘৃণা কৰিবলৈ আৰম্ভ কৰা বুলি শইকীয়াই কয়।
