শ্বাহৰুখ খানৰ শোক! পহলগাম-দিল্লীৰ সন্ত্ৰাসবাদী আক্ৰমণক সুঁৱৰি ক’লে …
পহলগামক সন্ত্ৰাসবাদী আক্ৰমণ, আৰু তাৰ পিছত শেহতীয়াত দিল্লীত সংঘটিত হৈছে বোমা বিস্ফোৰণ। এই ঘটনাত স্তম্ভিত হৈ পৰিছে সমগ্ৰ দেশ। এই সন্দৰ্ভত ছ’চিয়েল মিডিয়াত শোক প্ৰকাশ কৰে বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানে।
২০২৫ত সংঘটিত দুটা সন্ত্ৰাসবাদী আক্ৰমণে ফলত প্ৰতিজনৰ ভাৰতীয় হৃদয়ত শোকৰ ছাপ পেলাই গৈছে। এতিয়াও যেন ক্ষোভত উতলি আছে সমগ্ৰ দেশ। সকলোৱে একেমুখে এই ঘটনাক তীব্ৰ গৰিহণা দি প্ৰতিশোধ বিচাৰিছে। পহলগামক সন্ত্ৰাসবাদী আক্ৰমণ, আৰু তাৰ পিছত শেহতীয়াত দিল্লীত সংঘটিত হৈছে বোমা বিস্ফোৰণ। এই ঘটনাত স্তম্ভিত হৈ পৰিছে সমগ্ৰ দেশ। এই সন্দৰ্ভত ছ’চিয়েল মিডিয়াত শোক প্ৰকাশ কৰে বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানে। তেওঁ আকৌ এবাৰ মঞ্চত উঠি মৃতকৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰে। লগতে জোৱানসকলৰ ত্যাগক শ্ৰদ্ধা জনায়।
মুম্বাইত অনুষ্ঠিত গ্ল’বেল পিছ অনাৰ্ছ ২০২৫ অনুষ্ঠানত উপস্থিত হৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে শ্বাহৰুখ খানে। সেইদিনা সন্ধিয়াৰ তেওঁ আছিল বিশেষ অতিথি। মঞ্চত থিয় হৈ তেওঁ শ্বহীদ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শেহতীয়া সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুৱা নিৰীহ লোকসকলৰ স্মৃতিত গভীৰ শোক প্ৰকাশ কৰে।