স্কুটিৰ দাম ১ লাখ টকা, কিন্তু আৰক্ষীয়ে জৰিমনা বিহিলে ২০ লাখ টকা, কেনেকৈ সম্ভৱ?

| Edited By: Barasha Sarma

Nov 09, 2025 | 10:20 PM

ভাৰতীয় বিভিন্ন সংবাদ মাধ্যমৰ সূত্ৰৰ পৰা জানিব পৰা মতে, কোনো নথি-পত্ৰৰ নোহোৱাৰ বাবে আৰক্ষীয়ে অনমোলৰ স্কুটিখন জব্দ কৰে। বৰঞ্চ জৰিমনাৰ কাগজ এখন তেওঁৰ হাতত তুলি দিয়ে। কিন্তু সেই কাগজখনলৈ চোৱাৰ লগে লগে তেওঁ আচৰিত হৈ পৰে।

উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰ জিলাত সংঘটিত হৈছে এনে অদ্ভুদ ঘটনা। মঙলবাৰে নিউ মাণ্ডী অঞ্চলৰ চেক প’ষ্টত অনমোল সিংঘল নামৰ এজন ব্যক্তিয়ে হেলমেট পৰিধান নকৰাৰ বাবে আৰক্ষীয়ে বিহে ২০ লাখ টকাৰ জৰিমনা। ইয়াৰ পিছত কৰ্তব্যৰত ট্ৰেফিক গাৰ্ডে তেওঁৰ লাইচেন্স চাব বিচাৰিলে। কিন্তু সেই সময়ত তেওঁৰ লগত কোনো কাগজ-পত্ৰ নাছিল।

ভাৰতীয় বিভিন্ন সংবাদ মাধ্যমৰ সূত্ৰৰ পৰা জানিব পৰা মতে, কোনো নথি-পত্ৰৰ নোহোৱাৰ বাবে আৰক্ষীয়ে অনমোলৰ স্কুটিখন জব্দ কৰে। বৰঞ্চ জৰিমনাৰ কাগজ এখন তেওঁৰ হাতত তুলি দিয়ে। কিন্তু সেই কাগজখনলৈ চোৱাৰ লগে লগে তেওঁ আচৰিত হৈ পৰে। অনমোলে ক’লে, ‘মই হেলমেট পিন্ধিবলৈ পাহৰিলোঁ, ইমান ডাঙৰ চালান কিয়?’ আৰক্ষীয়ে দিয়া কাগজত দেখা গৈছে যে তেওঁক ২০ লাখ ৭৪ হাজাৰ টকা জৰিমনা বিহা হৈছে। লগে লগে অনমোলে ছ’চিয়েল মিডিয়াত সেই চালানৰ এখন ফটো পোষ্ট কৰিলে। যিটো কেইমুহূৰ্ততে ভাইৰেল হৈ পৰিল। উত্তৰ প্ৰদেশ আৰক্ষীক লক্ষ্য কৰি বিভিন্ন কথা ক’বলৈ আৰম্ভ কৰিলে নেটিজেনে। তেতিয়াই চালানখন আৰক্ষীৰ দৃষ্টিগোচৰ হ’ল আৰু ক্ষমা খুজিলে।