শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
দুদিন ধৰি টোপনিৰ পৰা সাৰ পোৱা নাই! হঠাতে কি হৈছিল সঞ্জয় দত্তৰ লগত...

দুদিন ধৰি টোপনিৰ পৰা সাৰ পোৱা নাই! হঠাতে কি হৈছিল সঞ্জয় দত্তৰ লগত…

barasha-sarma
Barasha Sarma | Published: 15 Sep 2025 18:40 PM

বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেতা সঞ্জয় দত্ত। এইগৰাকী অভিনেতাৰ জীৱন কোনো চিনেমাৰ কাহিনীতকৈ কম নহয়। বহু ভাল-বেয়াৰ মাজেৰে অতিক্ৰম কৰি আজি তেওঁ এই পৰ্যায় পাইছে।

বলীউডৰ পৰা বিভিন্ন সময়ত বহু খবৰ পোহৰলৈ আহে। সঞ্জয় দত্ত সন্দৰ্ভতো বহু খবৰ পোহৰলৈ আহি থাকে। অভিনেতা সঞ্জয় দত্তৰ কাহিনী কোনো চিনেমাৰ কাহিনীতকৈ কম নহয়। কিয়নো সঞ্জয় আছিল নিচাসক্ত। তেওঁ আনকি বিভিন্ন কাৰণত জেললৈ যাবলগীয়া হৈছিল।

সঞ্জয় নিচাসক্ত হোৱা বাবে বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। অৱশ্যে তেওঁ এই বিষয়ত কথা পাতিবলৈ কুণ্ঠাবোধ নকৰে। তেওঁ নিজেই এবাৰ কৈছিল নিচাৰ বাবে তেওঁৰ লগত কি হৈছিল। তেওঁ কেইবাদিন ধৰি শুই থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল।

এই সন্দৰ্ভত সঞ্জয়ে ছলমান খানৰ এটা শ্বোত সবিশেষ প্ৰকাশ কৰিছিল। তেওঁ কৈছিল, কেনেকৈ দুদিন ধৰি তেওঁ নিচামত্ত অৱস্থাত বিচনাত শুই আছিল। দুদিন পাছত সাৰ পাইছিল যিয়ে আচৰিত কৰি তুলিছিল সকলোকে।