সকলোৰে বছ…ভাৰতৰ অগ্ৰগতি হজম কৰিব পৰা নাই কিছুমান লোকে: ৰাজনাথ সিং

| Edited By: Manas Borah

Aug 11, 2025 | 9:03 PM

দেওবাৰে মধ্যপ্ৰদেশত অনুষ্ঠিত এক অনুষ্ঠানত ট্ৰাম্পক উদ্দেশ্য কৰি ৰাজনাথে কয়, "কিছুমান লোকে ভাৰতৰ অগ্ৰগতি হজম কৰিব পৰা নাই।তেওঁলোকে ভাবিছে, 'আমি সকলোৰে বছ, ভাৰত ইমান দ্ৰুতগতিত কেনেকৈ আগবাঢ়িছে? ইয়াৰ বাবে  আন দেশলৈ ৰপ্তানি কৰা ভাৰতীয় সামগ্ৰীক ব্যয়বহুল কৰাৰ প্ৰচেষ্টা চলিছে।"

কিয় ৰাছিয়াৰ পৰা তেল কিনা বন্ধ কৰা নাই ভাৰতে? ইয়াক লৈ ক্ষোভিত হৈ পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে  আমেৰিকাত ভাৰতীয় সামগ্ৰীৰ ওপৰত বৃদ্ধি কৰা হ’ল শুল্ক। ইয়াকে লৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে স্পষ্ট কৰি দিছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ এই পদক্ষেপক লৈ ভাৰত চিন্তিত নহয়। তেওঁ মন্তব্য কৰে যে ভাৰতৰ দ্ৰুত বিকাশক লৈ ঈৰ্ষা কৰিছে আন্তৰ্জাতিক শক্তিসমূহে। এই সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতিক ‘সকলোৰে বছ’ বুলি অভিহিত কৰি ৰাজনাথে দৃঢ়তাৰে কয় যে ভাৰতক মহাশক্তি হোৱাৰ পৰা কোনেও বাধা দিব নোৱাৰে।

দেওবাৰে মধ্যপ্ৰদেশত অনুষ্ঠিত এক অনুষ্ঠানত ট্ৰাম্পক উদ্দেশ্য কৰি ৰাজনাথে কয়, “কিছুমান লোকে ভাৰতৰ অগ্ৰগতি হজম কৰিব পৰা নাই। তেওঁলোকে ইয়াক ভালদৰে গ্ৰহণ কৰা নাই। তেওঁ ভাবিছে, ‘মই সকলোৰে বছ, ভাৰত ইমান দ্ৰুতগতিত কেনেকৈ আগবাঢ়িছে? ইয়াৰ বাবে  আন দেশলৈ ৰপ্তানি কৰা ভাৰতীয় সামগ্ৰীক ব্যয়বহুল কৰাৰ প্ৰচেষ্টা চলিছে।”

ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ নকৰাৰ বাবেই আমেৰিকাত ভাৰতীয় সামগ্ৰীৰ ওপৰত শুল্ক বৃদ্ধি কৰিছে ট্ৰাম্পে । এতিয়া এই শুল্ক ৫০ শতাংশ হৈছেগৈ। যাৰ ফলত আমেৰিকাত ভাৰতীয় সামগ্ৰীৰ মূল্য বৃদ্ধি পাব। ৰাজনাথ সিঙে কয়, “ভাৰতীয় সামগ্ৰী আন দেশত অধিক ব্যয়বহুল কৰি পৰিত্যাগ কৰাৰ প্ৰয়াস চলি আছে। কিন্তু, ভাৰত যি গতিৰে আগবাঢ়িছে, মই আপোনালোকক আশ্বস্ত কৰিছো, কোনো আন্তঃৰাষ্ট্ৰীয় শক্তিয়ে ভাৰতক মহাশক্তি হোৱাত বাধা দিব নোৱাৰে।”

ইফালে পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি ভাৰতীয় সেনাৰ প্ৰত্যুত্তৰৰ প্ৰশংসা কৰি ৰাজনাথে কয়, “আমি কাকো আঘাত কৰিবলৈ নিদিওঁ।” একে সময়তে তেওঁ কয়, ‘”ভাৰতৰ প্ৰতিৰক্ষা সঁজুলিৰ ৰপ্তানিয়ে ২৪ হাজাৰ কোটি টকা অতিক্ৰম কৰিছে। যিযে ভাৰতৰ প্ৰতিৰক্ষা খণ্ডৰ শক্তিক উজ্জ্বল কৰি তুলিছে। এয়া সম্ভৱ হৈছে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাৰ দায়বদ্ধতাৰ বাবে।”