বেলাৰুছৰ ভূমিত ভাৰত-পাক-বাংলাদেশৰ যুদ্ধাভ্যাস! কিহৰ সংকেত?
ইতিমধ্যে বেলাৰুছত উপস্থিত হৈছে বৃহৎ সংখ্যক ৰাছিয়ান সৈন্য, সামৰিক সঁজুলি, যুদ্ধ বিমান, টেংক, মিছাইল। বেলাৰুছৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে কয় যে, এই অনুশীলনত পাৰমাণৱিক অস্ত্ৰৰ পৰীক্ষা কৰা হ’ব। জানিব পৰা মতে, ৰাছিয়াৰ আটাইতকৈ বিপজ্জনক অৰিছনিক মিছাইলৰ পৰীক্ষা এই অনুশীলতে কৰা হ’ব।
দীৰ্ঘদিন ধৰি চলি থকা ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই যেন শাম কটা নাম লোৱা নাই। এফালে যদি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে জি-২০ দেশসমূহক সঁহাৰি দিবলৈ আহ্বান জনাইছে। আনফালে আকৌ আটাইতকৈ ডাঙৰ অনুশীলনত নামি পৰিছে ৰাছিয়া-বেলাৰুছ। পাৰমাণৱিক অস্ত্ৰৰ সৈতে অব্যাহত থাকিব এই অনুশীলন। ইয়াৰ মাজৰ বিশেষ কথাটো হ’ল এই অনুশীলনৰ অংশ হ’বলৈ গৈ আছে ভাৰত, পাকিস্তান আৰু বাংলাদেশ! চুবুৰীয়া তিনিওখন দেশ এই অনুশীলনৰ অংশ হ’ব।
জেলেনস্কিয়ে কয় যে, আমেৰিকা আৰু ইউৰোপে ৰাছিয়াৰ সতৰ্কবাণীৰ উপযুক্ত উত্তৰ দিব লাগে। আৰু ইয়াৰ মাজতে ৰাছিয়া আৰু বেলাৰুছে একেলগে যুদ্ধ অনুশীলনত নামি পৰিছে। ১২-১৬ ছেপ্টেম্বৰৰ পৰা চলিব এই জাপড (Zapad) নামৰ যুদ্ধাভ্যাস। আনুমানিক ১৩ হাজাৰ সৈন্যই এই অনুশীলনত অংশগ্ৰহণ কৰিব। অৱশ্যে প্ৰকৃত সংখ্যা ইয়াতকৈ বেছি হ’ব পাৰে। ‘জাপড’ শব্দটোৰ অৰ্থ ৰাছিয়ান ভাষাত ‘পশ্চিম’।