জয়াৰ আগত ৰেখা-অমিতাভৰ ৰোমাঞ্চ! কি হ’ল তাৰ পাছত…
বলীউড জগতৰ বহু খবৰ আপুনি হয়তো শুনিছে। ৰেখা আৰু অমিতাভৰ প্ৰেমৰ কথাও নিশ্চয় শুনিছে। কিন্তু এবাৰ ৰেখা আৰু অমিতাভৰ ৰোমাঞ্চ দেখি দুখিত হৈ পৰিছিল জয়া বচ্চন।
বলীউডৰ পৰা বিভিন্ন সময়ত বহু খবৰ পোহৰলৈ আহে। আপুনিও নিশ্চয় অমিতাভ বচ্চন আৰু ৰেখাৰ প্ৰেমৰ কথা শুনিছে। কোৱা হয়, ৰেখাই আজিও অমিতাভৰ বাবে সেন্দূৰ লয়। এই ৰেখাই অমিতাভৰ পত্নীক জয়া দিদি বুলি মাতে। কিন্তু এবাৰ জয়াই ৰেখা আৰু অমিতাভ বচ্চনৰ ৰোমাঞ্চ দেখিছিল, যাৰ পাছত তেওঁ কান্দি উঠিছিল।
এবাৰ ৰেখাই নিজে এই কথা প্ৰকাশ কৰিছিল। উল্লেখ্য যে, ৰেখাই জয়া বচ্চনক জয়া দিদি বুলি মাতে। ৰেখাৰ মতে,তেওঁ আজিও জয়াক নিজৰ বায়েকৰ দৰে ভাল পায়। কিন্তু ৰেখাৰ বাবে জয়াই এবাৰ দুখ পাইছিল। এখন ছবিৰ স্ক্ৰিণিঙৰ সময়ত সংঘটিত হৈছিল এক ঘটনা। যাৰ পাছত জয়াই কান্দি উঠিছিল। তেতিয়াৰ পৰা ৰেখা আৰু জয়াৰ সম্পৰ্কৰ অৱনতি ঘটিছিল।