RBI ৰ নতুন নিয়ম! বেংকত চেভিংছ একাউন্ট আৰু FD আছে যদি জানক সকলো…

| Edited By:

Dec 16, 2025 | 9:38 PM

RBI New Rule: বিভিন্ন সময়ত প্ৰায়ে বেংকৰ নিয়ম সলনি হোৱা দেখা যায়। শেহতীয়াকৈ ৰিজাৰ্ভ বেংকে চেভিংছ একাউন্ট আৰু ফিক্সড ডিপোজিটৰ ক্ষেত্ৰত নতুন নিয়ম কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে এই ক্ষেত্ৰত জনা দৰকাৰ।

প্ৰায় সকলো মানুহ বেংকৰ লগত জড়িত। সাধাৰণ মানুহৰ পৰা আৰম্ভ কৰি সকলো শ্ৰেণীৰ লোকলৈ বেংকত টকা জমা ৰাখে। যদি আপোনাৰো বেংকত একাউন্ট আছে বা ফিক্সড ডিপোজি (FD) আছে তেন্তে এই খবৰ আপোনাৰ বাবে। কিয়নো ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI)য়ে শেহতীয়াকৈ নতুন নিয়ম কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন বছৰৰ পৰা কাৰ্যকৰী হ’ব এই নিয়ম। এই নিয়ম অনুসৰি, এতিয়াৰ পৰা চেভিংছ একাউন্টত সুতৰ হাৰৰ পৰিৱৰ্তন হয়।

দেশৰ প্ৰত্যোকটো বেংকে ১ লাখ টকালৈ ডিপোজিট থাকিলে একে পৰিমাণৰ সুত দিব লাগিব। চৰকাৰী আৰু বেচৰকাৰী সকলো বেংকৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য। ইফালে এফ ডিৰ ম্যাদ উকলি যোৱাৰ পূৰ্বে যদি বাতিল হয় তেন্তে এই সন্দৰ্ভত কিমান টকা কৰ্তন হ’ব গ্ৰাহকক জনাব লাগিব। ফৰ্মত সকলো উল্লেখ থাকিব লাগিব।

সবিশেষৰ বাবে চাওক এই ভিডিঅ’….