ৰণবীৰৰ কোঠাত কি হৈছিল? কান্দি কান্দি ওলাই আহিল কেটৰিনা, পাছত…

Aug 25, 2025 | 7:33 PM

বৰ্তমান আলিয়া আৰু ৰাহাৰ সৈতে সুখত আছে ৰণবীৰ কাপুৰ। পিছে এটা সময়ত তেওঁ বহু যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল। তেওঁৰ এই প্ৰেয়সীৰ তালিকাত দীপিকা, কেটৰিনা আদিও আছে।

বলীউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ কাপুৰ। বৰ্তমান পত্নী আলিয়া আৰু কন্যা ৰাহাৰ সৈতে সুখৰ সংসাৰ তেওঁৰ। পিছে এটা সময়ত ৰণবীৰ প্লেবয়তকৈ কম নাছিল। বহু অভিনেত্ৰীৰ সৈতে ৰণবীৰৰ আছিল প্ৰেমৰ সম্পৰ্ক। সেই প্ৰেয়সীৰ তালিতাক আছিল দীপিকা পাডুকন, কেটৰিনা কাইফ, সোণম কাপুৰ, নাৰ্গিছ ফখৰী  আদিৰ নাম। মুঠতে তেওঁৰ প্ৰেয়সীৰ তালিকাখন দীঘলীয়া। প্ৰেমত পৰিলেও কিন্তু তেওঁ সদায় বিয়াৰ পৰা আঁতৰি আছিল।

কোৱা হয়, এটা সময়ত ৰণবীৰৰ বাবে দীপিকা পাডুকন ডিপ্ৰেশ্যনৰ বলি হৈছিল। কেৱল দীপিকাকে নহয়, কেটৰিনাৰ সৈতেও ৰণবীৰে সম্পৰ্ক বিচ্ছেদ কৰিছিল। এতিয়াও তেওঁলোকৰ কাহিনী বলীউডৰ বিভিন্ন চৰ্চাত শুনা যায়। বিক্কি কৌশলৰ লগত কেটৰিনাই যিমানেই সুখত নাথাকক কিয় ৰণবীৰৰ লগত হোৱা কিছুমান অভিজ্ঞতাই হয়তো তেওঁক সদায় কষ্ট দিব।

সেয়া আছিল ২০১৬ চনৰ কথা। কেটৰিনাৰ লগত ব্ৰেকআপ কৰাৰ পৰিকল্পনা কৰি আছিল ৰণবীৰে। কিন্তু  ৰণবীৰক সঁচা অন্তৰেৰে ভালপোৱা কেটৰিনাই সম্পৰ্ক ৰক্ষা কৰাৰ সকলো চেষ্টা কৰিছিল। সেই সময়তে এখন চলচ্চিত্ৰ আলোচনীত এটা ডাঙৰ খবৰ প্ৰকাশ পাইছিল। য’ত কোৱা হৈছিল যে, ব্ৰেকআপৰ ঠিক এদিন আগতে ৰনবীৰে কেটৰিনাক নিজৰ ঘৰলৈ মাতি পঠিয়াইছিল। বন্ধ কোঠাৰ ভিতৰত ৰণবীৰে কেটৰিনাক কৈছিল যে তেওঁ এই সম্পৰ্কটো নিবিচাৰে। তেওঁ বিয়া পাতিবও নিবিচাৰে।

তেতিয়া কেটৰিনাই ৰণবীৰক বুজাবলৈ চেষ্টা কৰিছিল কিন্তু ৰণবীৰে মানি লোৱা নাছিল। অৱশেষত ৰণবীৰৰ খং উঠিছিল আৰু বেয়া ভাষাৰে কেটৰিনাত গালি গালাজ কৰিছিল। ৰণবীৰৰ এনে অস্বাভাৱিক আচৰণ কেটৰিনাই সহ্য কৰিব পৰা নাছিল আৰু সেই কোঠাটোৰ পৰা কান্দি কান্দি ওলাই গৈছিল। নীতু সিঙে এই সমগ্ৰ কাণ্ড নিজ চকুৰে প্ৰত্যক্ষ কৰি আছিল। কেটৰিনা কাইফক সিঙেও পচন্দ কৰা নাছিল। যাৰ বাবে তেওঁৱো মনে মনে থাকে।

এই কথা কাপুৰ বংশৰ এজন ঘনিষ্ঠ ব্যক্তিয়ে এখন গছিপ মেগাজিনৰ সৈতে শ্বেয়াৰ কৰিছিল। ৰণবীৰে কেটৰিনাক কেনেকৈ আৰু হাৰাশাস্তি কৰিছিল সেই সন্দৰ্ভতো ইয়াত প্ৰকাশ পাইছিল।

 

 

অন্য খবৰ পঢ়কঃ উশাহ লোৱাত কষ্ট, পেশীৰ বিষ হৈ থাকে নেকি? ই কি সমস্যাৰ লক্ষণ, জানক বিশেষজ্ঞৰ পৰা…