ৰে’লৱেৰ এই তালিকাৰ শীৰ্ষ দহত ভাৰতৰ নাম, জানি আচৰিত হ’ব!

| Edited By: Monjit Dutta

Nov 02, 2025 | 9:49 PM

টকিঅ’ৰ শ্বিনজুকু ষ্টেচনত দৈনিক ৩১.৮ লাখ যাত্ৰীয়ে যাত্ৰা কৰিব পাৰে। এইটোৱেই হৈছে বিশ্বৰ সৰ্ববৃহৎ ৰে’ল ষ্টেচন। ইয়াৰ ঠিক পিছতেই শ্বিবুয়া ষ্টেচন, য’ত দৈনিক যাত্ৰীৰ সংখ্যা ২৮ লাখতকৈ অধিক।

বিশ্বৰ ৰে’লপথ মানচিত্ৰত জাপানৰ নিৰপেক্ষ আধিপত্য আছে।শীৰ্ষ দহটা ষ্টেচনৰ ভিতৰত ৮টা ষ্টেচন জাপানীজ। ইয়াৰ প্ৰথম ৭টা ষ্টেচনেই জাপানীজ।  জাপানৰ বিশাল ৰে’ল নেটৱৰ্ক আৰু ইয়াৰ কাৰ্যক্ষমতা উল্লেখযোগ্য। টকিঅ’ৰ শ্বিনজুকু ষ্টেচনত দৈনিক ৩১.৮ লাখ যাত্ৰীয়ে যাত্ৰা কৰিব পাৰে। এইটোৱেই হৈছে বিশ্বৰ সৰ্ববৃহৎ ৰে’ল ষ্টেচন। ইয়াৰ ঠিক পিছতেই শ্বিবুয়া ষ্টেচন, য’ত দৈনিক যাত্ৰীৰ সংখ্যা ২৮ লাখতকৈ অধিক। ইয়াৰ উপৰিও জাপানৰ ইকেবুকুৰো ষ্টেচনৰ মাজেৰে দৈনিক ২৩ লাখ ১০ হাজাৰ লোকে যাত্ৰা কৰে।

যাত্ৰী পৰিবহণৰ ক্ষেত্ৰত বিশ্বৰ শীৰ্ষ ১০টা ষ্টেচনৰ ভিতৰত আছে ভাৰতৰ গৌৰৱ হাওৰা ষ্টেচন। এই ষ্টেচন ভাৰতৰ আটাইতকৈ ব্যস্ত ৰে’লৱে টাৰ্মিনেল। এই ষ্টেচনৰ মাজেৰে দৈনিক প্ৰায় ১০ লাখ যাত্ৰী যাত্ৰা কৰে। আৰু সেইবাবেই বিশ্বৰ আটাইতকৈ ব্যস্ত ষ্টেচনৰ তালিকাত হাওৰা অষ্টম স্থানত আছে।