Philippines earthquake: ফিলিপাইনছত ডাঙৰ ভূমিকম্প, জাৰি ছুনামিৰ সতৰ্কবাণী…
Philippines earthquake: ফিলিপাইনছ পুনৰ ভয়ংকৰ ভূমিকম্প। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য আছিল ৭.৬। ইয়াৰ পাছতে এতিয়া ছুনামিৰ সতৰ্কবাণী জাৰি কৰা হৈছে।
পুনৰ আন এক ডাঙৰ ভূমিকম্পই জোকাৰি গ’ল ফিলিপাইনছ। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য আছিল ৭.৬। এই ভূমিকম্পৰ পাছতে এতিয়া জাৰি কৰা হৈছে ছুনামিৰ সতৰ্কবাণী। অতি শীঘ্ৰেই বিভাগীয় কৰ্তৃপক্ষই উপকূলীয় অঞ্চল খালী কৰিবলৈ জনতাক নিৰ্দেশ দিছে। ২৪ ঘন্টাৰ ভিতৰত এয়া দ্বিতীয়টো ভূমিকম্প।
ফিলিপাইনছ ইনষ্টিটিউট অৱ ভলকেন’লজী এণ্ড ছিজম’লজীয়ে জনোৱা মতে, ভূমিকম্পৰ কেন্দ্ৰবিন্দু ফিলিপাইনছ সাগৰৰ ৫০ কিলোমিটাৰ গভীৰত। ভূমিকম্প ইমানেই শক্তিশালী আছিল যে সাগৰৰ কাষৰ অঞ্চল প্লাবিত হৈ পৰে।
এই প্ৰবল ভূমিকম্পই প্ৰায় সমগ্ৰ দেশখনক কঁপাই তোলে। এতিয়ালৈকে ক্ষয়-ক্ষতিৰ বিশেষ তথ্য অহা নাই যদিও মধ্য আৰু দক্ষিণ ফিলিপাইনছত ক্ষতিৰ আশংকা বেছি। পৰৱৰ্তী সময়ত পৰিস্থিতি ভয়ংকৰ হোৱাৰ সম্ভাৱনা আছে। যাৰ বাবে ছুনামিৰ সতৰ্কবাণী জাৰি কৰা হৈছে।
এই সন্দৰ্ভত প্ৰশান্ত মহাসাগৰীয় চুনামী সতৰ্কতা কেন্দ্ৰই কয় যে ভূমিকম্পৰ কেন্দ্ৰৰ পৰা ৩০০ কিলোমিটাৰ দূৰ পৰ্যন্ত ছুনামিৰ প্ৰভাৱ পৰিব পাৰে। ছুনামিৰ ঢৌ ১০ ফুট পৰ্যন্ত ওপৰলৈ উঠিব পাৰে। ইণ্ডোনেছিয়া আৰু পালাউৰ বাবেও চুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে। ইয়াৰ প্ৰভাৱ কেইবা ঘণ্টা ধৰি থাকিব পাৰে।
উল্লেখ্য যে, বিগত সময়চোৱাত দেশখনত কেইবাটাও ডাঙৰ ভূূমিকম্প হৈছে। ছেপ্টেম্বৰৰ শেষৰফালে ৬.৯ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছিল ফিলিপাইনছ। য’ত ক’মেও ৬৯ জন লোকৰ মৃত্যু হয়। তাৰ পাছতে যোৱা ২৪ ঘন্টাত পুনৰ দুটা ভূমিকম্প হয়। গতিকে পৰৱৰ্তী পৰিস্থিতি ভয়ংকৰ হ’ব পাৰে বুলি অনুমান কৰা হৈছে।