পেংগুইনৰ পৰকীয়া প্ৰেম! ১২ বছৰৰ গৱেষণাত ভয়ংকৰ তথ্য..

| Edited By:

Mar 06, 2025 | 8:04 PM

প্ৰেম! মানুহৰ পৰা জীৱ-জন্তুলৈ সকলোৰে মাজত প্ৰেম সাধাৰণ কথা। মানুহৰ মাজত বিবাহ বিচ্ছেদো এতিয়া সাধাৰণ হৈ পৰিছে। কিন্তু মানুহতকৈ পিছ পৰি থকা নাই পেংগুইন।

মানুহৰ মাজত প্ৰেম, বিচ্ছেদ আদি সাধাৰণ কথা। ঠিক তেনেদৰে পেংগুইনৰ মাজৰ মৰমো এক সাধাৰণ বিষয়। কিন্তু সকলো পৰম্পৰা ভংগ কৰি পেংগুইনে এতিয়া স্থাপন কৰে পৰকীয়া সম্পৰ্ক। দেখাত এই বিষয়টোৰ গুৰুত্ব নাই যদিও ই চিন্তাৰ কাৰণ হ’ব পাৰে। কিয়নো পেংগুইনৰ বিবাহ বহিৰ্ভূত প্ৰেমৰ অৰ্থ হ’ল আনুগত্য, বিশ্বাসযোগ্যতা, সম্পৰ্কৰ প্ৰতি দায়বদ্ধতা – এই সকলোবোৰ প্ৰাণীজগতৰ পৰা হেৰাই যোৱা। কাৰণ কি জানেনে? এতিয়ালৈকে কেৱল পেংগুইনকহে একপত্নীক বুলি জানিব পৰা গৈছিল।