Pariksha Pe Charcha 2026: ছাত্ৰ-ছাত্ৰীৰ বাবে এক মঞ্চ! পৰীক্ষাৰ পে চৰ্চাত ৬.৭৬ কোটি শিক্ষাৰ্থীৰ অংশগ্ৰহণ…
Pariksha Pe Charcha:"পৰীক্ষা পে চৰ্চা ২০২৬''ৰ এটা চুটি ভিডিঅ' প্ৰকাশ কৰিছে MyGov.in য়ে। যোৱা সময়চোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই অনুষ্ঠানে যথেষ্ঠ জনপ্ৰিয়তা লাভ কৰিছে। যাৰ অধীনত দেশৰ কোটি কোটি ছাত্ৰ-ছাত্ৰীক সামৰি লোৱা হৈছে।
পুনৰ আহিছে পৰীক্ষা পে চৰ্চা (PPC)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা জনপ্ৰিয় অনুষ্ঠান, য’ত মোদীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। মঙলবাৰে MyGov.in অনুষ্ঠানটোৰ ১.৫৭ মিনিটৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। য’ত লিখিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষা পে চৰ্চা ২০২৬ সৰ্বভাৰতীয় আলোচনালৈ ৰূপান্তৰিত হৈছে। এই সময়চোৱাত মোদীয়ে দিল্লীৰ লগতে কইম্বাটুৰ (তামিলনাডু), ৰায়পুৰ (চত্তীশগড়), দেৱ মগৰা (গুজৰাট) আৰু গুৱাহাটী (অসম)ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰিছিল। ভাৰতৰ পূব, পশ্চিম, উত্তৰ, দক্ষিণ সকলো প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীক মত বিনিময় কৰাৰ বাবে এখন মঞ্চ দিছিল।
যোৱা সংস্কৰণত ৪.৫ কোটিতকৈ অধিকে পৰীক্ষা পে চৰ্চাত পঞ্জীয়নভুক্ত হৈছিল। ইয়াৰোপৰি এই কাৰ্যসূচীৰ সৈতে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে প্ৰায় ২.২৬ কোটিয়ে। মুঠ অংশগ্ৰহণ কাৰ্যতঃ এই বছৰ ৬.৭৬ কোটিতকৈ অধিক হৈছে।
সবিশেষৰ বাবে চাওক এই ভিডিঅ’…