‘আমি সত্যত আছোঁ, সঁচা যুক্তিত আছোঁ গতিকে ন্যায় আমি পাম’ – পামী বৰঠাকুৰ

| Edited By:

| Jan 17, 2026 | 6:26 PM

শুনানি সন্দৰ্ভত জুবিন গাৰ্গ ভগ্নী পামী বৰঠাকুৰে কয়, ' চৰকাৰে নতুনকৈ নিয়োগ কৰা অধিবক্তাৰ দলটোক লৈ আশাবাদী। আমাৰ আত্মবিশ্বাস বাঢ়িছে। আমি ভালকৈ যুঁজিব পাৰিম। আমি সত্যত আছোঁ, সঁচা যুক্তিত আছোঁ গতিকে ন্যায় আমি পাম।'

আজি সম্পন্ন হয় জুবিন গাৰ্গ হত্যাৰ গোচৰৰ চতুৰ্থটো শুনানি । জিলা সত্র ন্যায়াধীশৰ আদালতত সম্পন্ন শুনানি। ২২ জানুৱাৰীত হ’ব জুবিন গাৰ্গ হত্যাৰ গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে। আদালতত চৰকাৰী পক্ষই বিচাৰিছে অতিৰিক্ত সময়। শুনানিৰ সময়ত আদালত উপস্থিত থাকে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী পামী বৰঠাকুৰ।

শুনানি সন্দৰ্ভত জুবিন গাৰ্গ ভগ্নী পামী বৰঠাকুৰে কয়, ‘ চৰকাৰে নতুনকৈ নিয়োগ কৰা অধিবক্তাৰ দলটোক লৈ আশাবাদী। আমাৰ আত্মবিশ্বাস বাঢ়িছে। আমি ভালকৈ যুঁজিব পাৰিম। আমি সত্যত আছোঁ, সঁচা যুক্তিত আছোঁ গতিকে ন্যায় আমি পাম।’