পাকিস্তানৰ হৈ কৰিছিল চোৰাংচোৱাগিৰি! গ্ৰেপ্তাৰ CRPF জোৱান…

| Edited By:

May 27, 2025 | 10:10 PM

যোৱা কেইটামান দিনত পাকিস্তানৰ হৈ চোৰাংচোৱা কৰাৰ অভিযোগত দেশত বহু লোক গ্ৰেপ্তাৰ হৈছে। এতিয়া এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্তকাৰী সংস্থাই তদন্ত চলাই আছে।

পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই গ্ৰেপ্তাৰ কৰিছে এজন চি আৰ পি এফ জোৱানক। ধৃত জোৱানজনৰ বিৰুদ্ধে গোপন তথ্য পাকিস্তানলৈ সৰবৰাহ কৰাৰ অভিযোগ। ধৃত ব্যক্তিজনৰ নাম মতিৰাম জাথ। অভিযোগ অনুসৰি, ২০২৩ চনৰ পৰা তেওঁ পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰি আছে। এই সময়চোৱাত তেওঁ ভাৰতৰ বহু গোপন তথ্য পাকিস্তানী চোৰাংচোৱা বিষয়াক প্ৰদান কৰিছিল। ইয়াৰ বিনিময়ত তেওঁ লাভ কৰিছিল ধন।

উল্লেখ্য যে, যোৱা কেইটামান দিনত পাকিস্তানৰ হৈ চোৰাংচোৱা কৰাৰ অভিযোগত দেশত বহু লোক গ্ৰেপ্তাৰ হৈছে। এতিয়া এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্তকাৰী সংস্থাই তদন্ত চলাই আছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।