ওৱেছীয়ে ক’লে- পাকিস্তানে নাজানে ইছলাম কি…

| Edited By:

May 05, 2025 | 9:06 PM

পহলগাম সন্ত্ৰাসবাদী কাণ্ডৰ পাছতে ভাৰত-পাকিস্তানৰ মাজত চাঞ্চল্য অব্যাহত আছে। ইয়াৰ মাজতে হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেছীয়ে কয় যে পাকিস্তানে নাজানে ইছলাম কি, তেওঁলোক ইছলামৰ শিক্ষাৰ পৰা বঞ্চিত।

পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কেইবাটাও কঠোৰ পদক্ষেপ গ্ৰহণ কৰে। ইয়াৰ পাছতে পাকিস্তানৰ বহু নেতা-মন্ত্ৰীয়ে বিভিন্ন ভাবুকি প্ৰদান কৰিছে। এই নেতা-মন্ত্ৰীসকলৰ কথাৰ উচিত প্ৰত্যুত্তৰ দিলে হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেছিয়ে। পাকিস্তানৰ আৰ্থিক সংকটৰ বৰ্ণনা কৰি তেওঁ কয় যে পাকিস্তান এখন ব্যৰ্থ দেশ। পাকিস্তানে নাজানে ইছলামৰ অৰ্থ।

উল্লেখ্য যে, ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে দুয়োখন দেশৰ মাজত উত্তেজনা অব্যাহত আছে। এই সময়চোৱাত পাকিস্তানী বহু নেতা-মন্ত্ৰীয়ে ভাৰতক ভাবুকি দি আহিছে। এই নেতা-মন্ত্ৰীসকলকে উচিত প্ৰত্যুত্তৰ দিয়ে ওৱেছীয়ে।