চীন-পাকিস্তানৰ ঘনিষ্ঠতা বৃদ্ধি! ৩ দিনীয়া ভ্ৰমণসূচীৰে বেইজিঙত ইছাক দাৰ

| Edited By: Barasha Misra

May 20, 2025 | 5:23 PM

ঘনিষ্ঠতা বৃদ্ধি পাইছে চীন আৰু পাকিস্তানৰ। প্ৰথম অৱস্থাতে চীনে নিৰপেক্ষ ভূমিকা পালন কৰিছিল যদিও পৰৱৰ্তী সময়ত পাকিস্তানক সমৰ্থন কৰিছিল।

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে ঘনিষ্ঠতা বৃদ্ধি পাইছে চীন আৰু পাকিস্তানৰ। প্ৰথম অৱস্থাতে চীনে নিৰপেক্ষ ভূমিকা পালন কৰিছিল যদিও পৰৱৰ্তী সময়ত পাকিস্তানক সমৰ্থন কৰিছিল। ইয়াৰ মাজতে সোমবাৰে পাকিস্তান ভ্ৰমণ কৰে পাকিস্তানৰ উপ-প্ৰধানমন্ত্ৰী ইছাক দাৰ।  তিনি দিনীয়া ভ্ৰমণসূচীৰে পাকিস্তানত উপস্থিত হোৱা মন্ত্ৰীগৰাকীয়ে দেশখনৰ প্ৰধানমন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব।পাকিস্তানী সংবাদ মাধ্যমেও প্ৰকাশ কৰিছে যে দুয়োখন দেশৰ প্ৰতিনিধিয়ে পাকিস্তান আৰু চীনৰ মাজত বাণিজ্যিক চুক্তিকে ধৰি দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰিব।

জানিব পৰা মতে, আজি চীন আৰু পাকিস্তানৰ সৈতে আফানিস্তানে বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে। গতিকে ৩ ৰাষ্ট্ৰৰ মাজত কি বিষয়ৰ ওপৰত আলোচনা হয় সেয়া সময়ত হ’ব লক্ষণীয়।