দুৰ্নীতিৰ অভিযোগ! হাছিনাৰ পৰিয়ালৰ সদস্যৰ বিৰুদ্ধে শাস্তি ঘোষণা আদালতৰ…

| Edited By:

Dec 02, 2025 | 8:54 PM

ন্যায়াধীশ মহম্মদ ৰবিউল আলমৰ নেতৃত্বত ৪ জনীয়া বিশেষ বিচাৰপীঠে এই গোচৰত শ্বেখ হাছিনাক ৫ বছৰৰ কাৰাদণ্ড বিহে। হাছিনাৰ ভগ্নী শ্বেখ ৰেহানা আৰু তেওঁৰ কন্যা টিউলিপ ছিদ্দিককো দোষী সাব্যস্ত কৰা হয়।

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ শাস্তি বৃদ্ধি। এইবাৰ ঢাকাৰ এখন বিশেষ আদালতে দুৰ্নীতিৰ গোচৰত হাছিনা, তেওঁৰ ভগ্নী আৰু ভতিজীৰ শাস্তি ঘোষণা কৰে। ন্যায়াধীশ মহম্মদ ৰবিউল আলমৰ নেতৃত্বত ৪ জনীয়া বিশেষ বিচাৰপীঠে এই গোচৰত শ্বেখ হাছিনাক ৫ বছৰৰ কাৰাদণ্ড বিহে। হাছিনাৰ ভগ্নী শ্বেখ ৰেহানা আৰু তেওঁৰ কন্যা টিউলিপ ছিদ্দিককো দোষী সাব্যস্ত কৰা হয়।