সাজু হৈছে চৰকাৰ, জগন্নাথ মন্দিৰৰ সমীপত আৰু দেখা নাপাব এনে দৃশ্য

| Edited By: Barasha Misra

| Jun 10, 2025 | 9:28 PM

অলেখ ভক্তৰ সমাগমেৰে জগন্নাথ মন্দিৰ প্ৰতিদিনে পূণ্য তীৰ্থত পৰিণত হয়। ভক্তৰ আস্থা আৰু শ্ৰদ্ধাৰ এই পুৰী জগন্নাথ মন্দিৰ সন্দৰ্ভত ৰাজ্যখনৰ শাসকীয় বিজেপি চৰকাৰে এক বিশেষ পদক্ষেপ গ্ৰহণৰ বাবে আগবাঢ়িছে। এই কাৰ্যৰ দ্বাৰা জগন্নাথ মন্দিৰৰ পবিত্ৰতা অটুট ৰখাৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে।

ওড়িশাৰ পুৰী জগন্নাথ মন্দিৰ হিন্দু ধৰ্মৰ এক পবিত্ৰ তীৰ্থস্থান। অলেখ ভক্তৰ সমাগমেৰে জগন্নাথ মন্দিৰ প্ৰতিদিনে পূণ্য তীৰ্থত পৰিণত হয়। ভক্তৰ আস্থা আৰু শ্ৰদ্ধাৰ এই পুৰী জগন্নাথ মন্দিৰ সন্দৰ্ভত ৰাজ্যখনৰ শাসকীয় বিজেপি চৰকাৰে এক বিশেষ পদক্ষেপ গ্ৰহণৰ বাবে আগবাঢ়িছে। এই কাৰ্যৰ দ্বাৰা জগন্নাথ মন্দিৰৰ পবিত্ৰতা অটুট ৰখাৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে। এই পৰিকল্পনা অনুসৰি, এতিয়া জগন্নাথ মন্দিৰৰ সমীপত সুৰা আৰু আমিষ খাদ্য নিষিদ্ধ কৰাৰ যো-জা কৰা হৈছে।

অৱশ্যে এই সন্দৰ্ভত ৰাজ্য চৰকাৰে এইপৰ্যন্ত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই। ৰাজ্যখনৰ আইন মন্ত্ৰী পৃথ্বীৰাজ হৰিচন্দনেহে এই বিষয়ত ৰাজহুৱা মন্তব্য কৰা পৰিলক্ষিত হৈছে। মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে, ওড়িশা চৰকাৰে জগন্নাথ মন্দিৰৰ পৰা ২ কিলোমিটাৰৰ ভিতৰত সুৰা আৰু ৩ কিলোমিটাৰৰ ভিতৰত আমিষ খাদ্য নিষিদ্ধ কৰাৰ পৰিকল্পনা কৰিছে।