CID ৰ কাৰ্যালয়ত উপস্থিত নৰ্থ-ইষ্ট ফেষ্টিভেলৰ PRO অনুজ কুমাৰ বৰুৱা

Oct 09, 2025 | 12:59 PM

বৰ্তমান চি আই ডিয়ে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰি আছে। এই সন্দৰ্ভত চি আই ডিয়ে কেইবাজন লোকক সোধা পোছা কৰিছে। ইয়াৰ মাজতে চি আই ডি কাৰ্যালয়ত উপস্থিত হৈছে অনুজ কুমাৰ বৰুৱা।

চি আই ডি কাৰ্যালয়ত উপস্থিত নৰ্থ-ইষ্ট ফেষ্টিভেলৰ PRO অনুজ কুমাৰ বৰুৱা। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে,মই য়ট পাৰ্টীৰ বিষয়ে একো জনা নাছিলো। নৰ্থ-ইষ্ট ফেষ্টিভেলৰ PRO মই পূৰ্বেও কৰিছিলো। নৰ্থ-ইষ্ট ফেষ্টিভেলত মোৰ পইচা ফচি আছে বুলি তেওঁ দাবী কৰে।

বৃহস্পতিবাৰে CID ৰ কাৰ্যালয়ত উপস্থিত হয় নৰ্থ-ইষ্ট ফেষ্টিভেলৰ PRO অনুজ কুমাৰ বৰুৱা। জানিব পৰা মতে, ৮ বছৰ ধৰি নৰ্থ-ইষ্ট ফেষ্টিভেলৰ PRO হিচাপে কৰ্মৰত অনুজ কুমাৰ বৰুৱা। উল্লেখ্য যে, চি আই ডিয়ে বৰ্তমান জুবিন গাৰ্গৰ হত্যাৰ তদন্ত কৰি আছে। এই সন্দৰ্ভত কেইবাজনক সোধা পোছা কৰিছে আৰক্ষীয়ে।

ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে ৫ জন। এই সময়চোৱাত নৰ্থ ইষ্ট ফেষ্টিভেলৰ ওপৰত বহু প্ৰশ্ন উত্থাপন হৈছে। কিয়নো এই নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈছিল জুবিন গাৰ্গ।