Donald Trump: ৰজা নেকি ট্ৰাম্প? হঠাতে মূৰ দেখা গ’ল মুকুট…

| Oct 20, 2025 | 6:41 PM

Donald trump: আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে অসন্তুষ্ট হৈ পৰিছে জনতা। ইয়াৰ মাজতে লাখ লাখ লোকে ট্ৰাম্পৰ বিৰুদ্ধে নো কিংছ প্ৰতিবাদ সাব্যস্ত কৰিছে।

দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছৰে পৰা ট্ৰাম্পে বিভিন্ন হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰি আহিছে। যাক লৈ অসন্তুষ্ট হৈছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোক। আনকি আমেৰিকাতো একাংশই ট্ৰাম্পৰ বিৰোধিতা কৰা দেখা গৈছে। শেহতীয়াকৈ আমেৰিকাত লাখ লাখ মানুহে নো কিংছ প্ৰতিবাদ সাব্যস্ত কৰে। ড’নাল্ড ট্ৰাম্প আৰু আমেৰিকা প্ৰশাসনৰ বিৰুদ্ধে ৰাইজে এই প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায়। আমেৰিকাৰ একাংশ জনতাই ট্ৰাম্পক বুজাই দিব বিচাৰিছে যে আমেৰিকাত কোনো ৰজা নাই।

ইয়াৰ বিপৰীতে ট্ৰাম্পে সামাজিক মাধ্যমত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। য’ত তেওঁ মুকুট পৰিধান কৰা দেখা গৈছে। মুকুট পিন্ধি ট্ৰাম্পে ফাইটাৰ জেট চলাই প্ৰতিবাদকাৰীসকলৰ ওপৰত এক বিশেষ তৰল পদাৰ্থ স্প্ৰে কৰে। এই ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে।