পূজাৰ বতৰত পূৰ হ’ব বাহন-বাইকৰ সপোন! নতুন GST- এ আনিছে সুযোগ

Sep 23, 2025 | 10:39 PM

কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰা জি এছ টি সংস্কাৰ নীতিৰ জৰিয়তে কৰ ব্যৱস্থাত আমূল পৰিৱৰ্তন সাধন কৰা হৈছে। এই নতুন নীতিৰ আধাৰত বহু সামগ্ৰীৰ দাম হ্ৰাস পাব। বাইক বা বাহনৰ ক্ষেত্ৰত এই নীতিৰ প্ৰভাৱ পৰিব।

সমাগত দুৰ্গা পূজা। এই পূজাৰ বতৰত হয়তো বহু লোকেই বাহন বা বাইক ক্ৰয়ৰ পৰিকল্পনা কৰিছে। বিশেষকৈ পূজাৰ সময়ছোৱাত কোম্পানীসমূহে বাহন বা বাইকৰ ক্ষেত্ৰত আকৰ্ষণীয় ৰেহাই আগবঢ়ায়। সেয়ে এই সময়ত বাহন বা বাইক ক্ৰয়ৰ পৰিকল্পনা বহু লোকে কৰে। পিছে এইবাৰ পূজাৰ বজাৰত দেখা যাব কিছু পৰিৱৰ্তন। এইবাৰ পূজাত আপোনাৰ পছন্দৰ বাইক বা বাহনখনত হয়তো আশা কৰাতকৈ অধিক ধন ৰাহি কৰিব পাৰিব।

সোমবাৰৰ পৰা দেশত কাৰ্যকৰী হৈছে জি এছ টিৰ নতুন নীতি কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰা জি এছ টি সংস্কাৰ নীতিৰ জৰিয়তে কৰ ব্যৱস্থাত আমূল পৰিৱৰ্তন সাধন কৰা হৈছে এই নতুন নীতিৰ আধাৰত বহু সামগ্ৰীৰ দাম হ্ৰাস পাব। বাইক বা বাহনৰ ক্ষেত্ৰত এই নীতিৰ প্ৰভাৱ পৰিব