মৌনিৰ ৰেষ্টুৰেন্ট! আকাশলংঘী দাম চাই হতবাক জনতা…
Mouni Roy: বৰ্তমান চৰ্চাত আছে মৌনি ৰয়ৰ ৰেষ্টুৰেন্ট বদমাছ। অতি কম সময়ৰ ভিতৰতে মৌনিয়ে ব্যৱসায়তো উন্নতি কৰিবলৈ সক্ষম হৈছে। পিছে তেওঁৰ ৰেষ্টুৰেন্টৰ খাদ্যৰ দাম দেখি হতবাক জনতা।
বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী মৌনি ৰয়। কেৱল অভিনয় ক্ষেত্ৰতে নহয়, ব্যৱসায় ক্ষেত্ৰতো প্ৰৱেশ কৰিছে মৌনিয়ে। ৰেষ্টুৰেন্ট খুলিছে মৌনি ৰয়ে। চেলিব্ৰেটিসকলৰ মাজত ৰেষ্টুৰেন্টৰ ব্যৱসায় এতিয়া এক ট্ৰেণ্ডলৈ পৰিণত হৈছে। এই ট্ৰেণ্ডত নাম আছে মৌনিৰ। তিনিবছৰ আগতে মৌনিয়ে খুলিছিল ৰেষ্টুৰেন্ট চেইন ‘বদমাছ’। এই ৰেষ্টুৰেন্ট এতিয়া বেংগালুৰুৰ পৰা মুম্বাই পাইছেগৈ।
মৌনিয়ে বিভিন্ন সময়ত তেওঁৰ ব্যৱসায় সন্দৰ্ভতো মত প্ৰকাশ কৰে। মৌনিয়ে কয় যে, তেওঁ আগৰ পৰাই ব্যৱসায় কৰিব বিচাৰিছিল। কিন্তু এই ক্ষেত্ৰত সহায় কৰিছিল স্বামী আৰু তেওঁৰ বন্ধুয়ে।
শেহতীয়াকৈ মৌনিৰ ৰেষ্টুৰেন্ট চৰ্চাত আছে। কিয়নো মৌনিৰ ৰেষ্টুৰেন্টৰ প্ৰতিটো বস্তুৰ দামে আকাশলংঘী। সামাজিক মাধ্যমত মৌনিৰ ৰেষ্টুৰেন্টৰ খাদ্য আৰু বিল ভাইৰেল হৈ পৰা দেখা গৈছে। অৱশ্যে তেওঁ এতিয়ালৈকে কোনো মত প্ৰকাশ কৰা নাই।
