পূজাৰ বতৰত আপোনাৰ ইচ্ছা পূৰণ কৰিব আমাজন-ফ্লিপকাৰ্টে, আনিছে ‘উপহাৰ মেলা’

| Edited By:

Sep 06, 2025 | 10:22 PM

পূজা বুলিলেই সাধাৰণতে অধিকাংশ লোকৰ মনতে থাকে নতুন কোনো সামগ্ৰী ক্ৰয়ৰ আশা। আপোনাৰ এই আশা পূৰণৰ বাবে দুটাকৈ আগশাৰীৰ ই-কমাৰ্চ প্লেটফৰ্ম ফ্লিপকাৰ্ট আৰু আমাজনে আনিছে সুন্দৰ সুযোগ। এই সুযোগ ব্যৱহাৰ কৰি আপুনি এতিয়া অতি কম মূল্যতে ক্ৰয় কৰিব পাৰিব পছন্দৰ সামগ্ৰী।

পূজাৰ আনন্দ উপভোগ কৰিবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে দেশবাসীয়ে। পূজা বুলিলেই সাধাৰণতে অধিকাংশ লোকৰ মনতে থাকে নতুন কোনো সামগ্ৰী ক্ৰয়ৰ আশা। আপোনাৰ এই আশা পূৰণৰ বাবে দুটাকৈ আগশাৰীৰ ই-কমাৰ্চ প্লেটফৰ্ম ফ্লিপকাৰ্ট আৰু আমাজনে আনিছে সুন্দৰ সুযোগ। এই সুযোগ ব্যৱহাৰ কৰি আপুনি এতিয়া অতি কম মূল্যতে ক্ৰয় কৰিব পাৰিব পছন্দৰ সামগ্ৰী। অৰ্থাৎ পূজাৰ বতৰত আপোনাৰ জেপৰ ধন ৰাহি কৰাৰ সুযোগ আনিছে ফ্লিপকাৰ্ট আৰু আমাজনে।

ইতিমধ্যেই কেন্দ্ৰীয় চৰকাৰে জি এছ টিৰ সংস্কাৰ কৰি কৰ ব্যৱস্থাত পৰিৱৰ্তন আনিছে। অহা ২২ ছেপ্টেম্বৰৰ পৰা এই নতুন জি এছ টি ব্যৱস্থা কাৰ্যকৰী হ’ব। এই নতুন কৰ ব্যৱস্থাৰ জৰিয়তে বহু সামগ্ৰীৰ দৰ হ্ৰাস পাব। তাৰ লগতে এতিয়া এই ই-কমাৰ্চ প্লেটফৰ্ম দুটাৰ পৰা ৰেহাইৰ সুবিধা লাভ কৰিলে গ্ৰাহকসকলে স্বাভাৱিকতেই অধিক ধন ৰাহি কৰিব পাৰিব। এই সুবিধা লাভ কৰিব আমাজন আৰু ফ্লিপকাৰ্টে উৎসৱৰ সময়ত প্ৰদান কৰা বিশেষ বিক্ৰীৰ সময়ত।