ৰাস মহোৎসৱ চলি থকাৰ মাজতেই হাউলী চহৰত বিধ্বংসী অগ্নিকাণ্ড
অৱশ্যে কিছুসময়ৰ ভিতৰতে হাউলীৰ লগতে বৰপেটাৰোড আৰু বৰপেটাৰ পৰা ঘটনাস্থলীত উপস্থিত হোৱা অগ্নিনিৰ্বাপক বাহিনীৰ ৮ খন বাহনে ৩ ঘন্টা জোৰা চেষ্টাৰ অন্তত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়। এই অগ্নিকাণ্ডৰ কাৰণ এইপৰ্যন্ত জানিব পৰা হোৱা নাই।
ৰাস মহোৎসৱৰ পৰিপ্ৰেক্ষিতত হাউলী চহৰত এতিয়া এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। ৰাসৰ এই আনন্দৰ মাজতে যোৱা নিশা হাউলী চহৰত এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। হাউলীৰ মূল চাৰি আলি চ’কৰ থানা ৰোডৰ বিশ্বনাথ দাস এণ্ড চনচ পেট্ৰ’ল পাম্পটোৰ নিচেই সমীপৰ দোকান গৃহত সংঘটিত হোৱা এই বিধ্বংসী অগ্নিকাণ্ডক কেন্দ্ৰ কৰি সৃষ্টি হয় এক হাহাকাৰময় পৰিস্থিতিৰ। এই বিধ্বংসী অগ্নিকাণ্ডত ফাৰ্মাছী, ঔষধৰ পাইকাৰী বিক্ৰেতা, লেব’ৰেট’ৰীসহ ১৫খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত হৈ পৰাৰ খবৰ পোহৰলৈ আহিছে।