জম্মু কাশ্মীৰত নিষিদ্ধ হ’ব সুৰা! এনে আহ্বান জনোৱা হৈছে পৰ্যটকক

| Edited By:

Feb 24, 2025 | 7:52 PM

উপত্যকাটোত ব্ৰিটিছ যুগৰ পৰাই সুৰাৰ প্ৰচলন হৈ আহিছে। পিছে এতিয়া জম্মু-কাশ্মীৰত সুৰা নিষিদ্ধ কৰাৰ দাবী উত্থাপন হৈছে। শেহতীয়াকৈ উপত্যকাটোত সুৰা নিষিদ্ধকৰণৰ বাবে প্ৰতিবাদ গঢ়ি উঠা দেখিবলৈ পোৱা গৈছে, বিভিন্ন স্থানত এই দাবীৰ পোষ্টাৰ আঁৰি দিয়া হৈছে।

বিনন্দীয়া প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ভূস্বৰ্গ জম্মু-কাশ্মীৰে সদায়ে আকৰ্ষিত কৰি আহিছে পৰ্যটকক। দেশী-বিদেশী অলেখ পৰ্যটকে যিকোনো সময়তে উপত্যকাটোত ভিৰ কৰা পৰিলক্ষিত হয়। জম্মু-কাশ্মীৰৰ অৰ্থনীতিত পৰ্যটন উদ্যোগে পূৰ্বৰে পৰা মূখ্য ভূমিকা গ্ৰহণ কৰি আহিছে। উপত্যকাটোত ব্ৰিটিছ যুগৰ পৰাই সুৰাৰ প্ৰচলন হৈ আহিছে। পিছে এতিয়া জম্মু-কাশ্মীৰত সুৰা নিষিদ্ধ কৰাৰ দাবী উত্থাপন হৈছে। শেহতীয়াকৈ উপত্যকাটোত সুৰা নিষিদ্ধকৰণৰ বাবে প্ৰতিবাদ গঢ়ি উঠা দেখিবলৈ পোৱা গৈছে, বিভিন্ন স্থানত এই দাবীৰ পোষ্টাৰ আঁৰি দিয়া হৈছে।

উপত্যকাটোৰ দুটাকৈ প্ৰধান ৰাজনৈতিক দল পিডিপি আৰু নেচনেল কনফাৰেঞ্চৰ লগতে আন কিছুমান ক্ষুদ্ৰ ৰাজনৈতিক দলেও সুৰা বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ দাবী তুলিছে। সুৰা নিষিদ্ধকৰণৰ দাবীৰে আঁৰি দিয়া পোষ্টাৰত পৰ্যটকসকলেও স্থানীয় পৰম্পৰা আৰু সংস্কৃতিক সন্মান কৰিব লাগে বুলি আহ্বান জনোৱা হৈছে।