খৰচৰ চিন্তাত আৰু চিকিৎসাত নহ’ব পলম! খান চাৰে আনিছে সকাহ
কেৱল চিকিৎসাই নহয়, ইয়াত ৰোগী আৰু পৰিয়ালক বিনামূলীয়া আহাৰো প্ৰদান কৰা হ’ব। ধনৰ অভাৱত যাতে কোনো দৰিদ্ৰ লোক চিকিৎসাৰ পৰা বঞ্চিত নহয়, সেয়াই খান চাৰৰ মূল উদ্দেশ্য। এই বিষয়ে চাওক ভিডিঅ’ প্ৰতিবেদন।
ইউটিউবৰ জনপ্ৰিয় ব্যক্তিত্ব খান চাৰে এইবাৰ দৰিদ্ৰ জনসাধাৰণৰ বাবে পাটনাত স্থাপন কৰিছে এখন অতি সুলভ মূল্যৰ হাস্পতাল। শিক্ষাৰ পাছত স্বাস্থ্য খণ্ডত এক বৈপ্লৱিক পৰিৱৰ্তন অনাৰ লক্ষ্যৰে আৰম্ভ কৰা এই চিকিৎসালয়ত চৰকাৰী হাস্পতালতকৈও কম খৰচত উন্নত চিকিৎসা সেৱা আগবঢ়োৱা হ’ব। মাতৃৰ অনুপ্ৰেৰণাৰে আৰম্ভ কৰা এই হাস্পতালত তেজ পৰীক্ষা মাত্ৰ ৭ টকা, ইচিজি ২৫ টকা আৰু ডিজিটেল এক্স-ৰে ৭০ টকাত উপলব্ধ হ’ব।
অত্যাধুনিক অপাৰেচন থিয়েটাৰ আৰু ডায়ালাইচিছ ইউনিট থকা হাস্পতালখনত টাইলছৰ পৰিৱৰ্তে বেক্টেৰিয়ামুক্ত ‘মেডিকেল গ্ৰেড মেট’ ব্যৱহাৰ কৰা হৈছে। কেৱল চিকিৎসাই নহয়, ইয়াত ৰোগী আৰু পৰিয়ালক বিনামূলীয়া আহাৰো প্ৰদান কৰা হ’ব। ধনৰ অভাৱত যাতে কোনো দৰিদ্ৰ লোক চিকিৎসাৰ পৰা বঞ্চিত নহয়, সেয়াই খান চাৰৰ মূল উদ্দেশ্য। এই বিষয়ে চাওক ভিডিঅ’ প্ৰতিবেদন…
