ইজৰাইলৰ সহায়ৰ হাত, মেঘনাদ মিছাইলে ধ্বংস কৰিব ভাৰতৰ শত্ৰুক!
যুদ্ধত দেশখনৰ শক্তি বৃদ্ধিৰ বাবে ইজৰাইলৰ ৰাফেল এডভান্সড ডিফেন্স চিষ্টেমে শেহতীয়াকৈ নিৰ্মাণ কৰা তেজস মাৰ্ক ওৱান-A যুদ্ধ বিমানত ইজৰাইলৰ নতুন স্কাই ষ্টিং মিছাইল সংযোজন কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। জানিব পৰা মতে জুন মাহত এখন উচ্চ পৰ্যায়ৰ বৈঠকত এই প্ৰস্তাৱ দাখিল কৰা হৈছিল।
মেঘনাদ কোন? আপুনি নিশ্চয় জানে এই কথা। ৰামায়ণত ৰাৱণৰ পুত্ৰ ইন্দ্ৰজিতৰ আন এটা আছিল মেঘনাদ। ইয়াৰ কাৰণ ডাৱৰৰ আঁৰৰ পৰা যুঁজ দিয়াত পাৰদৰ্শী আছিল তেওঁ। আৰু এইবাৰ ভাৰতক এনে মেঘনাদ দিব বিচাৰিছে ইজৰাইলে। যুদ্ধত দেশখনৰ শক্তি বৃদ্ধিৰ বাবে ইজৰাইলৰ ৰাফেল এডভান্সড ডিফেন্স চিষ্টেমে শেহতীয়াকৈ নিৰ্মাণ কৰা তেজস মাৰ্ক ওৱান-A যুদ্ধ বিমানত ইজৰাইলৰ নতুন স্কাই ষ্টিং মিছাইল সংযোজন কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। জানিব পৰা মতে জুন মাহত এখন উচ্চ পৰ্যায়ৰ বৈঠকত এই প্ৰস্তাৱ দাখিল কৰা হৈছিল।
এই বিভিআৰএএম (BVRAAM) বা বিয়ণ্ড ভিজুৱেল ৰেঞ্জ এয়াৰ টু এয়াৰ মিছাইল (Beyond Visual Range Air-to-Air Missile)ৰ ৰেঞ্জ প্ৰায় ২৫০ কিলোমিটাৰ। যদি ইয়াক সংযোজন কৰা হয় তেন্তে চীনৰ মাৰাত্মক পি এল-১৫(PL-15) ক্ষেপণাস্ত্ৰক প্ৰতিহত কৰাৰ ক্ষেত্ৰত তেজস বিমানখন এখোজ আগুৱাই যাব।