ইজৰাইলৰ নতুন পদক্ষেপ! এইবাৰ জলপথত চলিব ড্ৰ’ন…

| Edited By: Monjit Dutta

May 29, 2025 | 10:22 PM

আকাশত নহয়, এইবাৰ পানীৰে চলিব ড্ৰ'ন। ইজৰাইলৰ নৌসেনাই দেশখনৰ সামুদ্ৰিক সীমান্ত পহৰা দিবলৈ ড্ৰ’ন নিয়োগ কৰিছে। ই ইজৰাইলী সেনাত বিভিন্ন তথ্য যোগান ধৰিব।

ইতিহাসত এইবাৰ প্ৰথম! ইজৰাইলৰ নৌসেনাই দেশখনৰ সামুদ্ৰিক সীমান্ত পহৰা দিবলৈ ড্ৰ’ন নিয়োগ কৰিছে। অৱশ্যে ই মাত্ৰ নামত ড্ৰ’ন, কিন্তু কাৰ্য্যক্ষমতাত সম্পূৰ্ণ মানৱবিহীন যুদ্ধজাহাজ। এই ড্ৰ’ন নাওবোৰে চালক অবিহনে সকলো কাম কৰিব পাৰে, যেনে- ওচৰ-পাজৰত ওপঙি থকা জাহাজৰ ফটো তোলা, সাগৰত চোৰাংচোৱাগিৰি কৰা, প্ৰয়োজন অনুসৰি সেনাবাহিনীলৈ বিশেষ সতৰ্কবাণী প্ৰেৰণ কৰা।

ইজৰাইলৰ নৌসেনাই দেশখনৰ এক্সক্লুছিভ ইকনমিক জ’ন (ই ই জেড)ত এই মানৱবিহীন ‘ড্ৰ’ন’ জাহাজ মোতায়েন কৰিছে। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনী (আইডিএফ)ৰ মতে, এতিয়া এইবোৰ মূলতঃ চোৱাচিতাৰ উদ্দেশ্যে ব্যৱহাৰ কৰা হ’ব।