টিকট অবিহনে ৰে’লৱে কৰ্মীৰ আত্মীয়ই যাত্ৰা কৰিব পাৰেনে? জানক
সাধাৰণতে ৰে’ল কৰ্মচাৰীসকলক তেওঁলোকৰ পদবী আৰু কৰ্মৰ সময়ৰ ওপৰত ভিত্তি কৰি বিশেষাধিকাৰ টিকট দিয়া হয়। যিখন কেৱল সংশ্লিষ্ট কৰ্মচাৰীয়েহে ব্যৱহাৰ কৰিব পাৰে। তেওঁলোকৰ কোনো পৰিয়ালৰ সদস্যই সেই সুবিধা নাপায়। যদি কোনোবাই সেই পাছ ব্যৱহাৰ কৰি অবৈধভাৱে যাত্ৰা কৰিবলৈ চেষ্টা কৰে, তেন্তে তেওঁকো শাস্তি ভুগীবলগীয়া হ’ব পাৰে।
বহু সময়ত ৰে’ল কৰ্মচাৰীৰ পৰিয়ালৰ পৰিচয় লৈ কিছুমান যাত্ৰীয়ে টিকট অবিহনে যাত্ৰা কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হয়। কিন্তু এজন ল’কো পাইলটৰ পৰিয়ালে সঁচাকৈয়ে ৰে’লত বিনামূলীয়াকৈ যাত্ৰা কৰিব পাৰিবনে? ৰে’লৱেৰ নিয়ম অনুসৰি ৰে’ল কৰ্মচাৰী বা অৱসৰপ্ৰাপ্ত ৰে’ল কৰ্মচাৰীয়েহে টিকট অবিহনে যাত্ৰা কৰিব পাৰিব। এজন ল’কো পাইলট বা ৰে’লৱে কৰ্মচাৰীৰ পৰিয়ালৰ সদস্যই টিকট অবিহনে যাত্ৰা কৰিব পাৰিব, যেতিয়া সেই কৰ্মচাৰীজনে অনুমোদন দিয়ে। অৰ্থাৎ সকলো সময়তে এগৰাকী ৰে’ল কৰ্মচাৰী বা পাইলটৰ ভাতৃ, ভগ্নী বা আত্মীয়ই বিনামূলীয়াকৈ ৰেলত যাত্ৰা কৰিব নোৱাৰে। তেনে ক্ষেত্ৰত জৰিমনা আৰোপ কৰিব পাৰে।