ৰে’লত সুৰা নিয়াটো অপৰাধ নেকি? জানক ভাৰতীয় ৰে’লৱেৰ এই নিয়ম
ৰে'লত সুৰা কঢ়িয়াই নিব পাৰি নে নোৱাৰি সেই লৈ বিভ্ৰান্তিৰ সৃষ্টি হয়। ভাৰতীয় ৰে’লৱেৰ নিয়ম অনুসৰি ৰে’লত সৰ্বাধিক দুটা সুৰাৰ বটল বা সৰ্বাধিক ৭৫০ মিলিলিটাৰৰ বটল কঢ়িয়াই নিব পাৰি।
প্ৰতিদিনে লাখ লাখ যাত্ৰীয়ে ৰে’লযোগে যাত্ৰা কৰে। ভাৰতীয় ৰে’লৱে বিশ্বৰ অন্যতম বৃহৎ ৰে’ল নেটৱৰ্ক। ৰে’লযাত্ৰা কৰিলে কিছুমান নিয়ম মানি চলিব লাগে। কিন্তু কিছুমান নিয়মৰ বিষয়ে বহুতে অৱগত নহয়। তেনে এটা নিয়ম হ’ল ৰে’লত সুৰা নিব পাৰিনে নোৱাৰি। ৰে’লত সুৰা কঢ়িয়াই নিয়াটো অপৰাধ নেকি?
ৰে’লত সুৰা কঢ়িয়াই নিব পাৰি নে নোৱাৰি সেই লৈ বিভ্ৰান্তিৰ সৃষ্টি হয়। ভাৰতীয় ৰে’লৱেৰ নিয়ম অনুসৰি ৰে’লত সৰ্বাধিক দুটা সুৰাৰ বটল বা সৰ্বাধিক ৭৫০ মিলিলিটাৰৰ বটল কঢ়িয়াই নিব পাৰি। অৱশ্যে এই ক্ষেত্ৰত এটা চৰ্ত আছে। বটলটো ছীল কৰা থাকিব লাগিব আৰু বিলখনৰ লগত থাকিব লাগিব। যদি আপুনি এই নিয়ম ভংগ কৰে বা আপোনাৰ ওচৰত নিৰ্ধাৰিত সীমাতকৈ অধিক সুৰা থাকে, তেন্তে আপুনি ৫ হাজাৰৰ পৰা ২৫ হাজাৰ টকালৈকে জৰিমনা ভৰিব লাগিব।
সবিশেষৰ বাবে চাওক এই ভিডিঅ’টো…