ৰক্তাক্ত মধ্যপ্ৰাচ্যই আনিছে ভয়ংকৰ বাৰ্তা! আসন্ন নেকি তৃতীয় বিশ্বযুদ্ধ?

Jun 15, 2025 | 6:08 PM

আমেৰিকাক আৰম্ভণিৰে পৰাই ইৰাণ-ইজৰাইল সংঘাতৰ পৰা আঁতৰি থাকিবলৈ কোৱা হৈছে। কিন্তু এইটো স্পষ্ট যে আমেৰিকাই ইজৰাইলক গভীৰভাৱে সমৰ্থন কৰিছে। ইজৰাইলী যুদ্ধবিমানলৈ আকাশৰ মাজত ইন্ধন যোগান ধৰি হওক বা ইৰাণক আক্ৰমণ কৰিবলৈ আমেৰিকাৰ সামৰিক ঘাটি ব্যৱহাৰ কৰি হওক। 

ইতিমধ্যে আৰম্ভ হৈছে ইৰান-ইজৰাইলৰ সংঘাত । আমেৰিকাই তেওঁলোকক সমৰ্থন কৰিলে বহুত বেয়া হ’ব পাৰে পৰিস্থিতি। পূৰ্বেও এই সকীয়নি দিছিল ইৰানে। এইবাৰ পশ্চিম এছিয়াত আমেৰিকাৰ সামৰিক ঘাটিত আক্ৰমণৰ কথা সকীয়াই দিছে ইৰাণে। এতিয়া প্ৰশ্ন হৈছে আমেৰিকাৰ সৈতেও ইৰাণে যুদ্ধ আৰম্ভ কৰিব নেকি ?