ইণ্ডিগ’ই কিয় ঘূৰালে যাত্ৰীক ৬১০ কোটি টকা?

| Edited By:

Dec 08, 2025 | 10:09 PM

এতিয়াও সংকট কম হোৱা নাই বিমান সংস্থা ইণ্ডিগ'ৰ। প্ৰতিদিনে বাতিল হৈছে হাজাৰ হাজাৰ বিমান। যিয়ে যাত্ৰীসকলৰ মাজত ডাঙৰ সমস্যাৰ সৃষ্টি কৰিছে। ইয়াৰ মাজতে ইণ্ডিগ'ই ঘূৰাই দিছে যাত্ৰীক কোটি কোটি টকা।

যোৱা কেইটামান দিন ধৰি ইণ্ডিগ’ৰ অচলাৱস্থা অব্যাহত আছে। প্ৰতিদিনে হাজাৰ হাজাৰ বিমান বাতিল হৈছে, কিছুমান বিমানৰ উৰণ পলম হৈছে। যাৰ প্ৰভাৱ হাজাৰ হাজাৰ বিমান যাত্ৰীৰ ওপৰত পৰিছে। ঘন্টাৰ পাছত ঘন্টা বিমান বন্দৰত অপেক্ষা কৰি যাত্ৰীসকলে হাহাকাৰ কৰিছে। ইয়াৰ মাজতে ইণ্ডিগ’ই ৬১০ কোটি টকা ঘূৰাই দিয়ে যাত্ৰীসকলক। লগতে ঘূৰাই দিয়ে ৩০০০ টা বেগ। ইয়াৰোপৰি বাকী টকা আৰু বেগ ৪৮ ঘন্টাৰ ভিতৰত ঘূৰাই দিয়া হব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, দেওবাৰে অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডুৱে বিমানবন্দৰৰ পৰিচালককে ধৰি সকলো সংশ্লিষ্ট বিষয়াৰ সৈতে বৈঠকত মিলিত হয়। য’ত বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হয়। এই বৈঠকৰ পাছতে যাত্ৰীসকলক টকা ঘূৰাই দিয়া হয়। ইণ্ডিগ’ৰ সেৱা পুনৰ আগৰ দৰে আৰম্ভ কৰাৰ বাবে চেষ্টা অব্যাহত আছে।

সবিশেষৰ বাবে চাওক ভিডিঅ’…