বিশ্বত ভাৰতৰ দপদপনি! এইসমূহ দেশৰ লোকেও ব্যৱহাৰ কৰে UPI

| Edited By: Barasha Misra

| Jul 10, 2025 | 6:36 PM

এতিয়ালৈকে মুঠ ৮খন দেশত এই ইউপিআই ব্যৱস্থা কাৰ্যক্ষম হৈ উঠিছে। ভাৰতৰ বাহিৰৰ প্ৰথমখন দেশ হিচাপে ২০২১ চনত ভূটানত UPI আৰম্ভ কৰা হৈছিল। সেই বছৰৰ শেষৰ ফালে সংযুক্ত আৰব আমিৰশ্বাহীত UPI আৰম্ভ কৰা হয়।

UPI বা ইউনিফাইড পেমেণ্ট ইন্টাৰফেচ এতিয়া ভাৰতৰ অনলাইন পেমেণ্ট ব্যৱস্থাৰ মেৰুদণ্ড হৈ পৰিছে। যাৰ জৰিয়তে কোটি কোটি  ভাৰতীয়ই ডিজিটেল পেমেণ্ট ব্যৱস্থাত যোগদান কৰিছে। কেৱল ইমানে নহয় ফ্ৰান্স আৰু সংযুক্ত আৰব আমিৰশ্বাহী আদিকে ধৰি বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে ভাৰতৰ UPI ব্যৱস্থা।

এতিয়ালৈকে মুঠ ৮খন দেশত এই ইউপিআই ব্যৱস্থা কাৰ্যক্ষম হৈ উঠিছে। ভাৰতৰ বাহিৰৰ প্ৰথমখন দেশ হিচাপে ২০২১ চনত ভূটানত UPI আৰম্ভ কৰা হৈছিল। সেই বছৰৰ শেষৰ ফালে সংযুক্ত আৰব আমিৰশ্বাহীত UPI আৰম্ভ কৰা হয়। ২০২৪ চনত ফ্ৰান্স UPI গ্ৰহণ কৰা প্ৰথমখন ইউৰোপীয় দেশ হিচাপে পৰিগণিত হয়। দেশখনত ভাৰতৰ NPCI আৰু ফ্ৰান্সৰ লাইৰা নেটৱৰ্কৰ সহযোগত UPI আৰম্ভ কৰা হৈছিল। ইয়াৰ উপৰিও নেপাল, মৰিচাছ, শ্ৰীলংকা, ছিংগাপুৰ আৰু ট্ৰিনিদাদ আৰু ট’বাগোতো UPI আৰম্ভ কৰা হৈছে।