খাজুৰাহোত নিৰ্মিত বায়ুসেনাৰ ঘাটিত কি কি সুবিধা থাকিব?

| Edited By: Barasha Sarma

Oct 29, 2025 | 9:45 PM

খাজুৰাহো প্ৰকল্প কাৰ্যকৰী হ’লে ভাৰতীয় বায়ুসেনাৰ শক্তি এঢাপ বৃদ্ধি পাব। একে সময়তে যিকোনো অপাৰেচন অধিক গতিশীল হ’ব। গোপনীয়তাও বজাই ৰাখিব পৰা যাব। একে সময়তে ফ্ৰণ্ট লাইন কম্বেটত শত্ৰুক আক্ৰমণ কৰাৰ ক্ষমতা, প্ৰত্যাক্ৰমণৰ ক্ষমতাও যথেষ্ট বৃদ্ধি পাব।

মধ্যপ্ৰদেশৰ খাজুৰাহোত আয়োজন কৰিবলৈ লোৱা হৈছে এক বিশাল কাৰ্যকলাপ। এবাৰতে বাঢ়িব ভাৰতীয় সেনাৰ শক্তি। খাজুৰাহোত নিৰ্মাণ কৰিবলৈ লোৱা হৈছে দেশৰ সৰ্ববৃহৎ বায়ুসেনাৰ ঘাটি। এই সমগ্ৰ পৰিকল্পনাটো এনেদৰে গঢ় লৈ উঠিছে যে ভাৰতলৈ চকু দিলেই ইয়াৰ পৰা সহজে আৰু অতি ক্ষীপ্ৰতাৰে আক্ৰমণ কৰিব পৰা যাব শত্ৰুক।

সহজ ভাষাত ক’বলৈ গ’লে শেহতীয়া সকলো সুবিধাৰে ষ্ট্ৰাইক হাব হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে ১০০০ একৰ মাটিত নিৰ্মিত এই সমগ্ৰ বিমানঘাটিটো। ইয়াৰ স্থান, ইয়াৰ কৌশলগত পৰিকল্পনাৰ বিষয়ে যি কাহিনী শুনা গৈছে, সেই কাহিনীয়ে স্পষ্টভাৱে প্ৰতিফলিত কৰিব পাৰে ইয়াৰ উদ্দেশ্য।

ইয়াৰ ভৌগোলিক অৱস্থান এনেকুৱা যে ইয়াৰ পৰা পূব, পশ্চিম আৰু উত্তৰ তিনিওটা দিশতে দ্ৰুতগতিত বিমান নিয়োগ কৰা সম্ভৱ। এই আক্ৰমণৰ পৰিকল্পনা সযতনে কৰিলেও ভাৰতীয় বায়ুসেনাৰ বিমানক শত্ৰুৰ শিবিৰৰ চেটেলাইট ট্ৰেকিং আৰু নিৰীক্ষণৰ পৰা সহজেই ৰক্ষা কৰিব পৰা যায়। আনকি গোপনীয়তাও পূৰ্ণ গতিৰে বজাই ৰাখিব পাৰি। ফলত শত্ৰুৰ শিবিৰে প্ৰত্যাক্ৰমণৰ পৰিকল্পনা কৰিলেও অতি সোনকালে সেয়া বিফল হ’ব।