পাক সীমান্তত নতুন সংযোজন ভাৰতৰ, আমেৰিকাৰ পৰা আহিব আপাচি …
ইয়াৰ পূৰ্বে ২০১৫ চনত ভাৰতীয় বায়ুসেনাই ২২খন আপাচি হেলিকপ্টাৰ ক্ৰয় কৰিছিল। এই হেলিকপ্টাৰসমূহ ২০২০ চনৰ জুলাই মাহত ভাৰতীয় বায়ুসেনাক ডেলিভাৰী কৰা হৈছিল। ট্ৰাম্প ভাৰতলৈ অহাৰ সময়ত ভাৰতৰ সৈতে ৬০ কোটি ডলাৰৰ চুক্তি স্বাক্ষৰিত হৈছিল, যাৰ অধীনত ৬ খন আপাচি হেলিকপ্টাৰ ক্ৰয় কৰা হৈছিল।
ভাৰত চৰকাৰে সদায় প্ৰতিৰক্ষা খণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে। শেহতীয়াকৈ ভাৰত-পাকিস্তান সংঘাতৰ পিছত কেন্দ্ৰীয় চৰকাৰে প্ৰতিৰক্ষা ব্যৱস্থা আৰু অধিক শক্তিশালী কৰি তুলিছে। এইবাৰ সেনাৰ শক্তি বৃদ্ধি কৰিব এখন অত্যাধুনিক হেলিকপ্টাৰখনে । সূত্ৰৰ পৰা জানিব পৰা মতে, বহু প্ৰতীক্ষিত আপাচি আক্ৰমণাত্মক হেলিকপ্টাখন অৱশেষত ভাৰতৰ হাতলৈ আহিব।
ভাৰতে অহা ২১ জুলাইত আমেৰিকাৰ পৰা প্ৰথম বেটচ আপাচি আক্ৰমণকাৰী হেলিকপ্টাৰ লাভ কৰিব। প্ৰথম পৰ্যায়ত আহিব তিনিখন আপাচি হেলিকপ্টাৰ। জানিব পৰা মতে এই হেলিকপ্টাৰসমূহে ভাৰতীয় বায়ুসেনাৰ হিন্দন এয়াৰবেছত অৱতৰণ কৰিব। আৰু এই তিনিওখন হেলিকপ্টাৰ ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্তত নিয়োগ কৰা হ’ব। আপাচি হেলিকপ্টাৰক ‘আকাশৰ টেংক’ বুলি জনা যায়। AH-64E উন্নত আক্ৰমণাত্মক হেলিকপ্টাৰখনত অসাধাৰণ চেন্সৰ আৰু টাৰ্গেট ক্ষমতা আছে।