ইৰাণ-ইজৰাইলৰ যুদ্ধ এসপ্তাহ চলিলে ভাৰতত পেট্ৰ’লৰ দাম কিমানলৈ বৃদ্ধি পাব?

| Jun 16, 2025 | 8:36 PM

ইজৰাইলৰ তেহৰাণত আক্ৰমণত ব্যাপক ক্ষতি হৈছে ইৰাণ তেল শোধনাগাৰৰ । ধ্বংস হৈছে প্ৰায় ৩০০ মিলিয়ন অৰ্থাৎ ৩০ কোটি লিটাৰ তেল । এই বিপুল পৰিমাণৰ তেল ধ্বংস হোৱাৰ বাবে ইৰাণৰ পৰা ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তলৈ তেলৰ যোগান ব্যাহত হ’ব পাৰে।

ইৰাণ-ইজৰাইলৰ মাজত হোৱা যুঁদ্ধই বিপদত পেলাইছে সমগ্ৰ বিশ্বক। পাৰমাণৱিক কেন্দ্ৰ আৰু মিছাইল ঘাটিৰ পিছত এইবাৰ ইৰাণৰ তেল শোধনাগাৰত আক্ৰমণ ইজৰাইলৰ। এই আক্ৰমণৰ ফলত তেহৰাণকে ধৰি বিধ্বস্ত হৈছে ইৰাণৰ কেইবাটাও স্থানৰ তেল শোধনাগাৰ । এতিয়াও জ্বলি আছে বিশ্বৰ সৰ্ববৃহৎ প্ৰাকৃতিক গেছৰ ক্ষেত্ৰ চাউথ পাৰ্ছ জ্বলি আছে। যাৰ বাবে এতিয়া সংকটত পৰিছে বিশ্ব।

জানিব পৰা মতে, ইজৰাইলৰ তেহৰাণত আক্ৰমণত ব্যাপক ক্ষতি হৈছে ইৰাণ তেল শোধনাগাৰৰ । ধ্বংস হৈছে প্ৰায় ৩০০ মিলিয়ন অৰ্থাৎ ৩০ কোটি লিটাৰ তেল । এই বিপুল পৰিমাণৰ তেল ধ্বংস হোৱাৰ বাবে ইৰাণৰ পৰা ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তলৈ তেলৰ যোগান ব্যাহত হ’ব পাৰে। ইয়াৰ উপৰিও এতিয়া যুদ্ধ বন্ধ নহ’লে দেশত পেট্ৰ’ল-ডিজেলৰ মূল্য প্ৰতি লিটাৰ ২০০ টকা বা তাতোকৈ অধিক হ’ব পাৰে বুলি আশংকা কৰিছে বিশেষজ্ঞসকলে।