ইৰানত অস্থিৰতা বৃদ্ধি পালে কি হ’ব ভাৰতীয় অৰ্থনীতিৰ অৱস্থা?
America-Iran Conflict: আমেৰিকাই আক্ৰমণ কৰিব নেকি ইৰাণত? ২৮ ডিচেম্বৰৰ পৰা ইৰাণত চলি থকা প্ৰতিবাদৰ মাজতে এতিয়া এই প্ৰশ্ন উত্থাপন হৈছে। পিছে ইৰাণত আক্ৰমণ কৰিলে ভাৰতীয় অৰ্থনীতিও প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে।
বিগত কেইটামান দিন ধৰি ইৰাণত প্ৰতিবাদ চলি আছে। ২৮ ডিচেম্বৰৰ পৰা ইৰাণৰ জনতাই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। এনে অৱস্থাত শীঘ্ৰেই ইৰাণক আক্ৰমণ কৰিব পাৰে আমেৰিকাই। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এবাৰতে ইৰাণত আক্ৰমণ কৰিব বিচাৰে। ইয়াকে লৈ কেইবাখনো বৈঠকো অনুষ্ঠিত কৰিছে ট্ৰাম্পে। প্ৰতিবাদকাৰীসকলক ট্ৰাম্পে কৈছে যে, তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখক। প্ৰয়োজন হ’লে আমেৰিকাই হস্তক্ষেপ কৰিব।
যদি আমেৰিকাই ইৰাণত আক্ৰমণ কৰে তেন্তে ভাৰতীয় অৰ্থনীতি প্ৰভাৱিত হ’ব। ইৰাণৰ পৰা ভাৰতে তেল বেছি আমদানি নকৰে যদিও অন্য দিশত সাঙোৰ খাই আছে। অন্য দেশলৈ যাতায়তৰ ক্ষেত্ৰতো ইৰাণ জড়িত আছে। যাৰ বাবে ভাৰতীয় অৰ্থনীতি, শ্বেয়াৰ মাৰ্কেট প্ৰভাৱিত হ’ব পাৰে। এই প্ৰভাৱ দীৰ্ঘস্থায়ী হোৱাৰ সম্ভাৱনা আছে।
সবিশেষৰ বাবে চাওক এই ভিডিঅ’…
