কেনেকৈ উলিয়াব অনলাইন আধাৰ কাৰ্ড, জানক সমগ্ৰ প্ৰক্ৰিয়া…
Aadhaar Card: আজিকালি প্ৰায় বিভিন্ন চৰকাৰী কামত আধাৰ কাৰ্ডৰ প্ৰয়োজন হয়। আধাৰ কাৰ্ড বৰ্তমান এক গুৰুত্বপূৰ্ণ নথি। গতিকে আপোনাৰ যদি আধাৰ কাৰ্ড চুৰি হয় তেন্তে কি কৰিব?
বৰ্তমান সময়ত বিভিন্ন কামত আধাৰ কাৰ্ডৰ প্ৰয়োজন হয়। ই এক এতিয়া গুৰুত্বপূৰ্ণ নথি হৈ পৰিছে। ইয়াক নাগৰিকত্বৰ পৰিচয় হিচাপে নধৰিলেও ই পৰিচয় পত্ৰ। গতিকে আধাৰ কাৰ্ডৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি। সাধাৰণ কামৰ পৰা আৰম্ভ কৰি পেন কাৰ্ড লিংক কৰালৈকে প্ৰায় সকলো ক্ষেত্ৰতে পেন কাৰ্ডৰ ব্যৱহাৰ হয়। কিন্তু আপোনাৰ যদি আধাৰ কাৰ্ড হেৰুৱাই বা চুৰি হয় তেন্তে কি কৰিব?
অনলাইনৰ জৰিয়তে আপুনি আধাৰ কাৰ্ডৰ সবিশেষ লাভ কৰিব। ইয়াৰ বাবে আপুনি https://myadhaar.uidai.gov.in/retrieve-eid-uid- ত ক্লিক কৰিব লাগিব। পাছত প্ৰক্ৰিয়া অনুসৰি সকলো কৰিব লাগিব। ইয়াৰ পাছতে আপুনি অনলাইন আধাৰ লাভ কৰিব। ইয়াৰোপৰি আধাৰ কাৰ্ড চুৰি হ’লে আৰক্ষীৰ ওচৰত এফ আই আৰ দাখিল কৰা প্ৰয়োজন।
সবিশেষৰ বাবে চাওক ভিডিঅ’…
