আম পকোৱা কাৰ্বাইডেৰে বন্দুক নিৰ্মাণ, ৯ জনে হেৰুৱালে দৃষ্টিশক্তি…
ঘৰতে বনোৱা এইকাৰ্বাইড গানে উৎসৱৰ বতৰত সমগ্ৰ দেশতে বিপদৰ সৃষ্টি কৰিছে। কিশোৰ-কিশোৰীসকলে চকুৰ দৃষ্টিশক্তি হেৰুওৱা ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে চকুৰ চিকিৎসকসকলৰ মাজত । এনে পাঁচজন লোকক চিকিৎসা কৰি আছে মালদাৰ চকুৰ চিকিৎসক দেৱদাস মুখোপাধ্যায়ে।
এইবাৰ দীপাৱলীৰ সময়ত কাৰ্বাইড গানে (Gun) সৃষ্টি কৰিছে বিপদৰ। ট্ৰেণ্ডিঙত থকা এই গানত ব্যৱহৃত ৰাসায়নিক পদাৰ্থৰ প্ৰভাৱৰ বাবে ক্ষতি হৈছে চকুৰ। দেশৰ কেইবাটাও প্ৰান্তৰ পৰা পোহৰলৈ আহিছে এনে খবৰ। কাৰ্বাইড গানৰ বাবে দৃষ্টিশক্তি হেৰুৱাইছে মালদাৰ ৯ জন কিশোৰ-যুৱতীয়ে।
ঘৰতে বনোৱা এইকাৰ্বাইড গানে উৎসৱৰ বতৰত সমগ্ৰ দেশতে বিপদৰ সৃষ্টি কৰিছে। কিশোৰ-কিশোৰীসকলে চকুৰ দৃষ্টিশক্তি হেৰুওৱা ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে চকুৰ চিকিৎসকসকলৰ মাজত । এনে পাঁচজন লোকক চিকিৎসা কৰি আছে মালদাৰ চকুৰ চিকিৎসক দেৱদাস মুখোপাধ্যায়ে। আন এজন চিকিৎসক মলয় সৰকাৰে এজনৰ চিকিৎসা কৰি আছে আৰু আৰু দুজনৰ চিকিৎসা কৰি আছে ডাঃ সৌৰভ পোদ্দাৰে। এজন চিকিৎসকে দাবী কৰা মতে, মালদাৰ মাণিকচাকৰ মহানন্দতোলাৰ এটি শিশুক পৰিয়ালে চিকিৎসাৰ বাবে নেপাললৈ লৈ যায়।