সুৰাৰে নহয় সুৰেৰে জুবিনক জীয়াই ৰখাৰ আহ্বান মুখ্যমন্ত্ৰীৰ…
Zubeen Garg: জুবিন ক্ষেত্ৰত SOP দিয়া সন্দৰ্ভত বহুতে বিৰোধিতা কৰিছে। ইয়াৰ মাজতে মদ খোৱা একাংশৰ বিৰোধিতা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, জুবিনক তেওঁৰ সৃষ্টিৰাজিৰে জীয়াই ৰাখিব লাগিব।
জুবিন ক্ষেত্ৰত চৰকাৰে জাৰি কৰা এছ অ’ পি সন্দৰ্ভত বহুতে বিৰোধিতা কৰি আছে। একাংশৰ মতে জুবিন ক্ষেত্ৰত এছ অ’ পিৰ প্ৰয়োজন নাই। ইফালে স্থানীয় ৰাইজে অভিযোগ কৰিছে যে, একাংশই নিশা হ’লেই জুবিন ক্ষেত্ৰত ভিৰ কৰি সুৰাপান কৰে। ইয়াৰোপৰি কিছুমানে বেয়া বেয়া শব্দৰে চিঞৰি থাকে।
ইয়াৰ মাজতে মদ খোৱাসকলৰ বিৰোধিতা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, জুবিন গাৰ্গক অসমৰ মানুহে সৃষ্টি, কৰ্মৰাজি আৰু প্ৰতিভাৰ মাজেৰে জীয়াই ৰাখিব খোজে। কিন্তু একাংশ লোকে ইয়াক সুৰাকেন্দ্ৰিক নেতিবাচক ৰূপ দিবলৈ চেষ্টা কৰি আছে। এই ক্ষেত্ৰত তেওঁলোকে আমাৰ জনজাতীয় লোকসকলৰ পৰম্পৰাগত পানীয়ক যুক্তি হিচাপে দিব খোজে। কিন্তু এয়া মুঠেই গ্ৰহণযোগ্য নহয়। জনজাতীয় লোকসকলৰ পানীয় এক পৰম্পৰা, সুৰা নহয় বুলি কয় তেওঁ।
