Onion Price Hike: জুন মাহতে ১০০ টকা হ’ব পাৰে প্ৰতি কিলো পিঁয়াজৰ দাম!
আগতীয়া বাৰিষাই বেয়াকৈ প্ৰভাৱিত কৰিছে দেশৰ কৃষি ক্ষেত্ৰখনক । বাৰিষাৰ অহাৰ লগে লগে দেশত পিঁয়াজৰ দাম বৃদ্ধিৰ আশংকাই দেখা দিছে । প্ৰতি কেজিত ৫০-৬০ টকা পৰ্যন্ত বৃদ্ধি পাব পাৰে পিঁয়াজৰ দাম ।
জুনৰ মাহৰ শেষলৈ ১০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি কেজি পিঁয়াজৰ দাম । কিয়নো আগতীয়া বাৰিষাই বেয়াকৈ প্ৰভাৱিত কৰিছে দেশৰ কৃষি ক্ষেত্ৰখনক । বাৰিষাৰ অহাৰ লগে লগে দেশত পিঁয়াজৰ দাম বৃদ্ধিৰ আশংকাই দেখা দিছে । প্ৰতি কেজিত ৫০-৬০ টকা পৰ্যন্ত বৃদ্ধি পাব পাৰে পিঁয়াজৰ দাম ।
যোৱা সপ্তাহৰ পৰা উত্তৰ, দক্ষিণ আৰু মধ্য ভাৰতত ধাৰাসাৰ বৰষুণ হোৱা দেখা গৈছে । হঠাৎ অতিৰিক্ত বৰষুণৰ ফলত পথাৰৰ শস্য ক্ষতি হোৱাৰ আশংকা কৰিছে কৃষকসকলে। মহাৰাষ্ট্ৰ দেশৰ ভিতৰতে সৰ্বাধিক পিয়াঁজ উৎপাদনকাৰী ৰাজ্য। ইতিমধ্যে ৰাজ্যখনত কোটি কোটি টকাৰ পিঁয়াজৰ খেতি ক্ষতিসাধন হোৱা বুলি খবৰ প্ৰকাশ পাইছে।
য’ত বৰ্তমান প্ৰতি কেজিত ৩০ টকাকৈ পিঁয়াজ বিক্ৰী কৰা হৈছে,সেই দাম হয়তো জুন মাহৰ এসপ্তাহৰ ভিতৰত ৫০-৬০ টকালৈ বৃদ্ধি পাব পাৰে । মাহৰ শেষলৈকে পিঁয়াজৰ দাম প্ৰায় দুগুণ বৃদ্ধি পোৱাৰ সম্ভাৱনাও নথকা নহয়।
মহাৰাষ্ট্ৰৰ এটা পিঁয়াজ উৎপাদনকাৰী সংস্থাই বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত হোৱা শস্যৰ ক্ষতিপূৰণ হিচাপে প্ৰতি একৰ ভূমিত এক লাখ টকাকৈ দিবলৈ দাবী জনাইছে। ইয়াৰ পিছত প্ৰশ্ন উত্থাপন হৈছে, যদি বাৰিষাৰ আৰম্ভণিতে এনেকুৱা পৰিস্থিতি হয়, তেন্তে অনাগত দিনত পুনৰ প্ৰতি কেজি পিঁয়াজৰ দাম ৮০-৯০ টকা বা ১০০ টকালৈ বৃদ্ধি পাব পাৰে ।