কাপোৰ, খাদ্য সামগ্ৰীৰ দাম হ্ৰাসেৰে দেশবাসীলৈ পূজাৰ উপহাৰ দিব পাৰে মোদী চৰকাৰে!

| Edited By: Trishna Kalita

| Aug 30, 2025 | 10:01 PM

চৰকাৰে বস্ত্ৰ উদ্যোগ আৰু খাদ্য সামগ্ৰীৰ ওপৰত ৫ শতাংশ জি এছ টি আৰোপ কৰাৰ সিদ্ধান্ত লোৱা বুলি খবৰ প্ৰকাশ পাইছে। সূত্ৰ অনুসৰি, আগন্তুক দুৰ্গা পূজাৰ পূৰ্বে এই নতুন জি এছ টি ব্যৱস্থা কাৰ্যকৰী কৰিব পৰা যাব। যদি এই খবৰ সঁচা হয়, পূজাৰ সময়ত দেশবাসীয়ে যথেষ্ট সকাহ লাভ কৰিব।

যোৱা ১৫ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাত দিয়া স্বাধীনতা দিৱসৰ ভাষণত নানা দিশৰ ওপৰত আলোকপাত কৰিছিল। দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজ ভাষণত জি এছ টিৰ আমূল সংস্কাৰৰ কথাও ঘোষণা কৰিছিল। প্ৰধানমন্ত্ৰী মোদীয়ে চলিত বৰ্ষতে দেৱালীৰ পূৰ্বে নতুন জি এছ টি কাৰ্যকৰী হ’ব বুলি ইঙ্গিত দিছিল। তাৰ মাজতে পোহৰলৈ আহিছে এক গুৰুত্বপূৰ্ণ খবৰ। যোৱা ২০, ২১ আগষ্টত দিল্লীত অনুষ্ঠিত এখন বৈঠকত জি এছ টিৰ ১২ শতাংশ আৰু ২৮ শতাংশ স্তৰৰ বিলুপ্তি সন্দৰ্ভত আলোচনা হোৱা বুলি খবৰ পোহৰলৈ আহিছে।

যদি এই সিদ্ধান্ত অনুসাৰে ব্যৱস্থা লোৱা হয়, ভৱিষ্যতে জি এছ টিৰ ৫ শতাংশ আৰু ১৮ শতাংশ স্তৰ কাৰ্যকৰী হৈ থাকিব। তেনে পৰিস্থিতিত চৰকাৰে উক্ত আলোচনাৰ সময়তে বস্ত্ৰ উদ্যোগ আৰু খাদ্য সামগ্ৰীৰ ওপৰত ৫ শতাংশ জি এছ টি আৰোপ কৰাৰ সিদ্ধান্ত লোৱা বুলি খবৰ প্ৰকাশ পাইছে। সূত্ৰ অনুসৰি, আগন্তুক দুৰ্গা পূজাৰ পূৰ্বে এই নতুন জি এছ টি ব্যৱস্থা কাৰ্যকৰী কৰিব পৰা যাব।