Gold Price Hike:ভেনিজুৱেলাত আমেৰিকাৰ অভিযানৰ পাছতে বৃদ্ধি সোণৰ মূল্য…

| Edited By:

| Jan 06, 2026 | 9:21 PM

Gold Price Hike: পুনৰ বৃদ্ধি হৈছে সোণৰ মূল্য।ভেনিজুৱেলাত আমেৰিকাই আক্ৰমণ কৰাৰ পাছতে সোণৰ মূল্য বৃদ্ধি হোৱা দেখা গৈছে। এটা দিনতে প্ৰায় ১৫,০০০লৈ বৃদ্ধি পালে মূল্য।

অভিলেখ সৃষ্টি কৰিলে সোণৰ মূল্যই। ভেনিজুৱেলাত আমেৰিকাই অভিযান আৰম্ভ কৰাৰ লগে লগে সোণৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। সোণ আৰু তেলৰ দাম বৃদ্ধি হ’ব বুলি আশংকা কৰা হৈছিল যদিও এদিনতে ইমান দাম বৃদ্ধি হ’ব বুলি কোনোৱে কল্পনা কৰা নাছিল। এদিনতে সোণৰ মূল্য কালিৰ দিনটোত প্ৰায় ১৫ হাজাৰ টকা বৃদ্ধি পায়। ঠিক তেনেদৰে ৰূপৰ মূল্যও বৃদ্ধি হোৱা দেখা গৈছে। পিছে প্ৰশ্ন হয়, আজি ৬ জানুৱাৰীত গুৱাহাটীত কিমান টকাত বিক্ৰী হৈছে সোণ-ৰূপ।

গুড ৰিটাৰ্ণে প্ৰকাশ কৰা তথ্য অনুসৰি,  আজি ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১৩,৮৮২ টকা। আজি ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১২,৭২৫ টকা। ১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১০,৪১২ টকা।  আজি ১ গ্ৰাম ৰূপৰ মূল্য ২৫৩ টকা।

সবিশেষৰ বাবে চাওক এই ভিডিঅ’…