পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তীক্ষ্ণ বাক্যবাণ গৌৰৱ গগৈৰ

| Oct 29, 2025 | 4:53 PM

গৌৰৱ গগৈয়ে কয়, " মুখ্যমন্ত্ৰীয়ে কথা বেকা কৰাত পাৰ্গত। পাকিস্তানৰৰ সৈতে মোৰ সম্পৰ্ক থকা বুলি কৈছিল। ৰাহুল গান্ধীক বডি ডাবল বুলি কৈছিল। হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত ৰাইজৰ আস্থা নাই । মিছা অভিযোগ অপপ্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছে।"

পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰিল সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। সংবাদমেল সম্বোধন কৰি কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়াই গৌৰৱ গগৈয়ে। তেওঁ কয়, “ৰবীন্দ্ৰ নাথ ঠাকুৰৰ কবিতা বাংলাদেশী মিঞাৰ লগত তুলনা কৰিব বিচাৰিছে ।  বৃটিছ বিৰুদ্ধে আন্দোলনৰ বাবে সাহস দিবলৈ ৰবীন্দ্ৰ নাথ ঠাকুৰে এই কবিতাটো লিখিছিল । পূৰ্বে বঙালী ভাষাকো অপমান কৰিছে । তেওঁলোকৰ জাতীয় আৱেগ নাই।  প্ৰিয়াংক খাৰ্গেৰ বিৰুদ্ধে ভুল অভিযোগ উত্থাপন কৰিছে।”

গৌৰৱ গগৈয়ে কয়, ” মুখ্যমন্ত্ৰীয়ে কথা বেকা কৰাত পাৰ্গত। পাকিস্তানৰৰ সৈতে মোৰ সম্পৰ্ক থকা বুলি কৈছিল। ৰাহুল গান্ধীক বডি ডাবল বুলি কৈছিল। হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত ৰাইজৰ আস্থা নাই । মিছা অভিযোগ অপপ্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছে।”