বঙাইগাঁৱত ‘ভোট চুৰি বন্ধ কৰক, গণতন্ত্ৰ ৰক্ষা কৰক’ শীৰ্ষক পদযাত্ৰাত গৌৰৱ গগৈ

| Oct 09, 2025 | 2:18 PM

বঙাইগাঁও জিলা সেৱাদলৰ "ভোট চুৰি বন্ধ কৰক, গণতন্ত্ৰ ৰক্ষা কৰক" শীৰ্ষক এক পদযাত্ৰাৰ আয়োজন। বঙাইগাঁও বিসৰ্জন ঘাটৰ পৰা উলিওৱা হয় এই পদযাত্ৰা। বৰপাৰা ৰাজহুৱা খেলপথাৰত সমাপ্ত হ'ব এই পদযাত্ৰা।

বঙাইগাঁও জিলা সেৱাদলৰ “ভোট চুৰি বন্ধ কৰক, গণতন্ত্ৰ ৰক্ষা কৰক” শীৰ্ষক এক পদযাত্ৰাৰ আয়োজন। বঙাইগাঁও বিসৰ্জন ঘাটৰ পৰা উলিওৱা হয় এই পদযাত্ৰা। বৰপাৰা ৰাজহুৱা খেলপথাৰত সমাপ্ত হ’ব এই পদযাত্ৰা। এই পদযাত্ৰাত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে । লগতে থাকে বহু কংগ্ৰেছৰ জ্যেষ্ঠ নেতা।

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ মন্তব্য প্ৰদান কৰে গৌৰৱ গগৈয়ে । মীৰা বৰঠাকুৰে লিখা পত্ৰ লৈ তেওঁ কয়, “আমি আজি একেলগে আছোঁ।” তেওঁ কয়, “মুখ্যমন্ত্ৰীৰ পাটলীয়া কথাৰ উত্তৰ দিম নেকি?” গগৈয়ে কয়, ‘২০২৬ৰ বিধানসভা নিৰ্বাচনত ৰাইজে ইয়াৰ উত্তৰ দিব। পৰাজয় অনুভৱ কৰি বিজেপিয়ে ইতিমধ্যে নিৰ্বাচনী অসৎ আচৰণৰ আশ্ৰয় লৈছে।” তেওঁ আৰু জোৰ দি কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত ন্যায্য আৰু স্বচ্ছ পদ্ধতিৰে কৰিব লাগিব যাতে সকলো তথ্য আৰু প্ৰমাণ আদালতৰ সন্মুখত সঠিকভাৱে দাখিল কৰিব পৰা যায়।