শান্তিপূৰ্ণভাৱে হ‌ওক জুবিনৰ ন্যায়ৰ প্ৰতিবাদ: সমাধিস্থলৰ পৰা অনুৰাগীলৈ আহ্বান গৰিমাৰ

| Sep 30, 2025 | 6:21 PM

শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অনুৰাগীসকলক উদ্দেশ্যি কয় যে, "জুবিন প্ৰকৃতিৰ মাজত থাকি ভাল পায়। প্ৰকৃতিৰ মাজত জুবিন সদায় জীয়াই থাকক।" ন্যায় ব্যৱস্থা ক্ষীপ্ৰতাৰে কৰি জুবিনৰ মৃত্যুৰ ৰহস্য উদঘাটনৰ আহ্বান গৰিমাৰ।

কাইলৈ জুবিনৰ আপোন চহৰ যোৰহাটত আদ্যশ্ৰাদ্ধ অনুষ্ঠান। যোৰহাট ষ্টেডিয়ামত চৰকাৰৰ উদ্যোগত আয়োজন কৰা হৈছে ১৩ দিনীয়া মাঙ্গলিক অনুষ্ঠান।  আজি যোৰহাটলৈ ৰাওনা হৈছে জুবিন গাৰ্গৰ পৰিয়াল। যোৰহাটৰ ঘৰলৈ যোৱাৰ পথত জুবিনৰ সোণাপুৰৰ সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি জনাই গৰিমা শইকীয়া গাৰ্গে।

শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অনুৰাগীসকলক উদ্দেশ্যি কয় যে, “জুবিন প্ৰকৃতিৰ মাজত থাকি ভাল পায়। প্ৰকৃতিৰ মাজত জুবিন সদায় জীয়াই থাকক।” ন্যায় ব্যৱস্থা ক্ষীপ্ৰতাৰে কৰি জুবিনৰ মৃত্যুৰ ৰহস্য উদঘাটনৰ আহ্বান গৰিমাৰ। তেওঁ কয়, “জুবিনৰ ন্যায়ৰ প্ৰতিবাদ শান্তি পূৰ্ণ হ‌ওক।”  কোনেও যাতে আইন হাতত তুলি নলয় তাৰ প্ৰতি অনুৰাগীসকলক আহ্বান জনায়। গৰিমাই কয়, “সমাধিস্থলী প্ৰকৃতিৰ মাজতেই থাকক। জুবিনৰ বৰ অসমৰ সপোন আমি সকলোৱে বাস্তবায়িত কৰিব লাগিব।”