শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ, কি ক’লে গৰিমাই?

| Oct 01, 2025 | 10:55 AM

জুবিনৰ মৃত্যুৰ ১২ দিনৰ পাছত গ্ৰেপ্তাৰ কৰা হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক।  আজি পুৱা ভাগতে এই দুয়োগৰাকী অভিযুক্তক গুৱাহাটীলৈ অনা হয়। AIR INDIA IX1197 বিমান যোগে লৈ অনা হয় মহন্তক।

অৱশেষত গ্ৰেপ্তাৰ হ’ল নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। ছিংগাপুৰত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ মূল অভিযুক্ত এই দুয়োগৰাকী। জুবিনৰ মৃত্যুৰ ১২ দিনৰ পাছত গ্ৰেপ্তাৰ কৰা হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক।  আজি পুৱা ভাগতে এই দুয়োগৰাকী অভিযুক্তক গুৱাহাটীলৈ অনা হয়। AIR INDIA IX1197 বিমান যোগে লৈ অনা হয় মহন্তক। তাৰ পিছতে ১৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয় শ্যামকানু-সিদ্ধাৰ্থ শৰ্মাক।

ইফালে যোৰহাটত আজি জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ। উপস্থিত হৈছে গৰিমা শইকীয়া গাৰ্গ। তেওঁ কয়, “আমি আৰু মানুহজন কেতিয়াও ঘূৰাই নাপাও, অসমে যি হেৰুৱালে তাৰ ক্ষতিপূৰণ কেতিয়াও নহয়। ছিংগাপুৰলৈ নি জুবিন গাৰ্গক কিয় ইমান অনাদৰ কৰা হ’ল? সকলোৱে ক’ব লাগিব”।