শংকৰ বিতৰ্কত আছুৰ প্ৰতিক্ৰিয়াৰ পৰা ৰূপম অসমক গ্ৰেপ্তাৰলৈ, চাওক দিনটোৰ শীৰ্ষ খবৰ

May 24, 2025 | 9:43 PM

আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰথমবাৰলৈ মুখ খুলিছে সদৌ অসম ছাত্ৰ সন্থাই । নীৰৱতা ভংগ কৰি প্ৰতিক্ৰিয়া ব্যক্ত সংগঠনটোৰ সভাপতি উৎপল শৰ্মাৰ। যৌন শোষণৰ অভিযোগত অভিযুক্ত শংকৰজ্যোতি বৰুৱাক লৈ ছাত্ৰ সন্থাৰ স্থিতি থকাৰ কোনো প্ৰশ্নই আহিব নোৱাৰে বুলি মন্তব্য কৰে আছুৰ সভাপতিগৰাকীয়ে।

ইফালে অসম-অৰুণাচল সীমান্তৰ সমীপৰ এখন বনাঞ্চলৰ পৰা তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আলফা (স্বাধীন)ৰ শীৰ্ষ কেডাৰ ৰূপম অসমক। বিদ্ৰোহীগৰাকীৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ উদ্ধাৰ কৰা হৈছে বুলিও সূত্ৰৰ পৰা জানিব পৰা গৈছে । আলফা (স্বাধীন)ৰ অপাৰচেন কমাণ্ডাৰজনে অসম-অৰুণাচল সীমান্তত আত্মগোপন কৰি ধন দাবী চলাই আহিছিল বুলি সূত্ৰত প্ৰকাশ ।

চাওঁ আহক আজিৰ দিনটোৰ আন কেতবোৰ গুৰুত্বপূৰ্ণ খবৰ…