আজিৰ দিনটোত ক’ত কি ঘটিল? চাওক দিনটোৰ শীৰ্ষ খবৰসমূহ

| Edited By: Barasha Sarma

Dec 17, 2025 | 10:57 PM

উত্তৰ-পূব বিতৰ্কক লৈ প্ৰতিক্ৰিয়া অসমৰ মুখ্যমন্ত্ৰীৰ। অখিল গগৈক সমালোচনা বিজেপিৰ। এমজিএনৰেগা সন্দৰ্ভত চৰকাৰক সমালোচনা গৌৰৱ গগৈৰ। এ আই ইউ ডি এফৰ সৈতে মিত্ৰতা নকৰে কংগ্ৰেছে। চাওক আজিৰ দিনটোৰ শীৰ্ষ খবৰ।

উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ বাবে বাংলাদেশী নেতাই দিয়া ভাবুকি সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীয়ে কয় যে বিগত এবছৰৰো অধিক সময় বাংলাদেশৰ একাংশই উত্তৰ-পূবক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ কথা-বতৰাত লিপ্ত হৈছে।

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চাৰ্জশ্বীট সন্দৰ্ভত অখিল গগৈয়ে কৰা মন্তব্যক সমালোচনা ৰাজ্যিক বিজেপিৰ। দলটোৰ ৰাজ্যিক মুখপাত্ৰ জয়ন্ত গোস্বামীয়ে কয় যে হত্যাৰ অভিযুক্তৰ সৈতে গোপন সম্পৰ্ক ৰাখিছে অখিল গগৈয়ে।

নৰেন্দ্ৰ মোদী চৰকাৰে চক্ৰানন্তমূলকভাৱে নিঃশেষ কৰিব খুজিছে জাতিৰ পিতা মহাত্মা গান্ধীৰ স্মৃতি। এই মন্তব্য কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ। কেন্দ্ৰীয় চৰকাৰে এমজিএনৰেগাৰ নাম সলনি কৰি নতুন ৰূপ দিবলৈ লোৱা সিদ্ধান্তৰ সমালোচনা কৰি এইদৰে কয় নেতাগৰাকীয়ে।

আজি শৃংখলাৰ চতুৰ্থখন টি-২০ মেচত মুখামুখি হৈছে ভাৰত আৰু দক্ষিণ আফ্ৰিকা। লক্ষ্ণৌৰ ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী একনা ষ্টেডিয়ামত ৭ বজাৰ পৰা অনুষ্ঠিত হৈছে মেচখন।